উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ আৰক্ষীৰ উপ পৰিদৰ্শক

315

ৰাজ্যত বিগত কিছুদিনত ঘোচ লৈ কেইবাগৰাকীও চৰকাৰী বিষয়া-কৰ্মচাৰী ধৰাৰ পৰাৰ সময়তে এইবাৰ ঘোচ কাণ্ডত গ্ৰেপ্তাৰ হ’ল এগৰাকী আৰক্ষী বিষয়া।

মাটিয়া থানাৰ আৰক্ষী উপ পৰিদৰ্শক চবিন পল দাসক সোমবাৰে হাতে-লোটে কৰায়ত্ব কৰে দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাই।

জানিব পৰা মতে, থানাৰ ভিতৰতে গোচৰ নিষ্পত্তিৰ নামত এজনৰ পৰা ঘোচ লৈছিল আৰক্ষী বিষয়াগৰাকীয়ে। কিন্তু সেই সময়তে দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাই হাতে-লোটে গ্ৰেপ্তাৰ কৰে বিষয়াগৰাকীক।