উমৰাংছুৰ উদ্ধাৰ অভিযান অব্যাহত

31

আজি পুৱা উমৰাংছুৰ কয়লাখনিৰ পৰা উদ্ধাৰ হয় এজন শ্ৰমিকৰ মৃতদেহ। এতিয়াও কয়লাখনিটোৰ ভিতৰত আৱদ্ধ হৈ আছে প্ৰায় ৮ জন শ্ৰমিক। এই আটাইকেইজনক উদ্ধাৰৰ বাবে অহৰহ চেষ্টা কৰি গৈছে উদ্ধাৰকাৰী দল।বুধবাৰে পুৱা উমৰাংছুৰ কয়লাখনিৰ পৰা উদ্ধাৰ হয় এজন শ্ৰমিকৰ নিথৰ দেহ। নৌসেনাৰ ২১ পেৰাডাইভাৰে খাদৰ পৰা উদ্ধাৰ কৰা মৃতদেহটো নেপালৰ গংগা বাবাদুৰ শ্ৰেষ্ঠৰ বুলি চিনাক্ত হৈছে। অভিযানৰ প্ৰথম ২০ মিনিটতে নৌসেনাৰ ২১ পেৰাডাইভাৰে মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হয়। সামাজিক মাধ্যমযোগে এই কথা জনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। উমৰাংছুত সংঘটিত হোৱা এই ঘটনাৰ প্ৰতি সক্ৰিয় হৈ আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীয়ে সন্দেহ কৰা অনুসৰি সেই কয়লাখনিটো আছিল অবৈধ। সোমবাৰে সংঘটিত হোৱা এই ঘটনাৰ পাছতেই এতিয়া শ্ৰমিকসকলৰ পৰিয়ালৰ মাজত শোকে বিৰাজ কৰিছে। পিতৃ- স্বামী তথা আপোনাজনক বিচাৰি হাহাকাৰ কৰিছে পৰিয়াল তথা আত্মীয়।উল্লেখ্য যে, সোমবাৰে ডিমা হাচাওৰ অন্তৰ্গত উমৰাংছুত তিনিকিলোৰ এটা কয়লা কুৱেৰীত প্ৰায় ২০ জনকৈ শ্ৰমিক আৱদ্ধ হৈ পৰিছিল। প্ৰথম অৱস্থাতে কেইজনমান শ্ৰমিকক উদ্ধাৰ কৰা হৈছিল যদিও এতিয়াও প্ৰায় ৮ জন শ্ৰমিক খাদৰ ভিতৰতে আৱদ্ধ হৈ আছে। এই শ্ৰমিকসকলক উদ্ধাৰ কৰিবলৈ অহৰহ চেষ্টা কৰি গৈছে সেনা, এন ডি আৰ এফ, নৌ সেনাৰ দলে।জানিব পৰা মতে, বৰ্তমান খনিটোত ৮ জন শ্ৰমিক আৱদ্ধ হৈ আছে।