শনিবাৰে উমৰাংছুৰ কয়লা কুৱেৰীত আবদ্ধ হৈ মৃত্যু হোৱা শ্ৰমিকৰ পৰিয়ালক চৰকাৰৰ তৰফৰ পৰা আৰ্থিক সাহাৰ্যৰ চেক প্ৰদান কৰা হয় । অসম খনি আৰু খনিজ মন্ত্ৰী কৌশিক ৰায়ে মৃতদেহ উদ্ধাৰ হোৱা চাৰি শ্ৰমিকৰ আত্মীয়ক ১০ লাখ টকাকৈ চেক প্ৰদান কৰে।কুৱেৰীৰ ভিতৰত আবদ্ধ হৈ থকা পাঁচজন শ্ৰমিকৰ পৰিয়ালক ৬ লাখ টকাৰ চেক দিয়া হৈছে । বাকী ধন পিছত তেওঁলোকক দিয়া হ’ব বুলি এক চৰকাৰী বিবৃতিত প্ৰকাশ পাইছে। যোৱা ৬ জানুৱাৰী তাৰিখে ডিমা হাছাও জিলাৰ উমৰাংছুৰ কালামাটি অঞ্চলৰ এটা কয়লা কুৱেৰী হঠাতে পানীৰে ভৰি পৰাৰ ফলত ৯ জন শ্ৰমিক আবদ্ধ হৈ পৰে।