উপ নিৰ্বাচন অনুষ্ঠিত হবলগীয়া ৩ টা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিলে বিজেপিয়ে। থাওৰা, মৰিয়নী আৰু ভৱানীপুৰ সমষ্টিৰ বাবে বিজেপিয়ে আজি ঘোষণা কৰে প্ৰাৰ্থীৰ নাম।
থাওৰা সমষ্টিত কংগ্ৰেছ এৰি বিজেপিত যোগ দিয়া সুশান্ত বৰগোহাঁইক প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ বিপৰীতে মৰিয়নী সমষ্টিত বিজেপিয়ে টিকট প্ৰদান কৰিছে ৰূপজ্যোতি কুৰ্মীক। উল্লেখ্য যে মৰিয়নী সমষ্টিৰ পৰা ২০২১ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ হৈ জয়লাভ কৰিছিল ৰূপজ্যোতিয়ে। কিন্তু পৰৱৰ্তী সময়ত তেওঁ কংগ্ৰেছ ত্যাগ কৰি গেৰুৱা বসন পৰিধান কৰিছিল।
ইফালে AIUDFৰ পৰা জয়লাভ কৰি বিধায়ক হৈ পিছত বিজেপিত যোগদান কৰা ফণীধৰ তালুকদাৰক ভৱানীপুৰ সমষ্টিতে টিকট প্ৰদান কৰিছে বিজেপিয়ে। আনহাতে কেন্দ্ৰীয় মন্ত্রী সৰ্বান্দন সোনোৱাল ৰাজ্যসভালৈ নিৰ্বাচিত হোৱাৰ পিছত খালী হৈ থকা মাজুলী সমষ্টিৰ বাবে এতিয়াও উপ নিৰ্বাচনৰ দিন ঘোষণা হোৱা নাই।
