অকলশৰীয়া হবলৈ গৈ আছে অখিল গগৈৰ ৰাইজৰ দল। বিধানসভাৰ উপ নিৰ্বাচনৰ পূৰ্বে ৭০ টা দল-সংগঠনে ৰাইজৰ দলৰ পৰা সমৰ্থন উঠাই লোৱাত চৰম বিপদৰ সন্মুখীন হৈছে অখিল গগৈ।
আজি গুৱাহাটী প্ৰেছ ক্লাৱত ৭০টা দল-সংগঠনৰ বিষয়ববীয়াই এক সংবাদ মেল সম্বোধন কৰি ৰাইজৰ দলৰ পৰা সমৰ্থন উঠাই লোৱাৰ ঘোষণা কৰে। আনহাতে অখিল গগৈৰ বিৰুদ্ধেও তীব্ৰ ক্ষোভ ব্যক্ত কৰি বিষয়ববীয়াসকলে অভিযোগ কৰে যে অখিল গগৈয়ে সংবিধান অৱমাননা কৰিছে।
ৰাইজৰ দলত চৰম একনায়কত্ববাদ চলি থকাৰ অভিযোগ উত্থাপন কৰি ৭০টা দল-সংগঠনৰ বিষয়ববীয়া সকলে কয় যে ৰাইজৰ দলে কেৱল মুনাফা অৰ্জনৰ ব্যক্তিকেন্দ্ৰিক ৰাজনীতি কৰে।
আনফালে আজি ৰাইজৰ দলৰ একাধিক কেন্দ্ৰীয় নেতাইও দল ত্যাগ কৰে। এনে পৰিপ্ৰেক্ষিতত আগন্তুক উপ নিৰ্বাচনত ৰাইজৰ দলৰ ওপৰত কেন প্ৰভাৱ পৰে সেয়া লক্ষণীয় হব।
