সমাগত উপ-নিৰ্বাচনক লৈ তৎপৰ প্ৰতিটো ৰাজনৈতিক দল। মঙ্গলবাৰে উপ নিৰ্বাচনৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰি নিৰ্বাচনী ৰণডংকা বজালে কংগ্ৰেছে। প্ৰদেশ কংগ্ৰেছে ভৱানীপুৰত শৈলেন্দ্ৰ নাথ দাসক আৰু মৰিয়নীত লোহিত কোঁৱৰক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে।
উল্লেখ্য যে, সোমবাৰে AICCয়ে গোসাঁইগাঁৱৰ প্ৰাৰ্থী হিচাপে জুয়েল টুডু, তামুলপুৰত ভাস্কৰ দাহাল আৰু থাওৰাত মনোৰঞ্জন কোঁৱৰৰ নাম ঘোষণা কৰিছিল ৷ ৩০ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া পাঁচ সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ সৈতে কংগ্ৰেছৰ মিত্ৰতা হোৱাৰ কথা আছিল যদিও ৰাইজৰ দলে কংগ্ৰেছৰ প্ৰস্তাৱক মানি লোৱা নাই। ভৱানীপুৰ সমষ্টিটো ৰাইজৰ দলে গ্ৰহণ নকৰাত মঙ্গলবাৰে কংগ্ৰেছে প্ৰাৰ্থীৰ নাম ঘোষণা কৰে৷ পৰৱৰ্তী কালত অনুষ্ঠিত হ’বলগীয়া মাজুলী সমষ্টিৰ উপ নিৰ্বাচনত মাজুলী সমষ্টিটো অসম জাতীয় পৰিষদলৈ এৰিছে কংগ্ৰেছে ৷
