উদ্ধৱ থাকৰেৰ হিন্দুত্বক লৈ ৰাজ্যপালৰ প্ৰশ্ন, মুখ্যমন্ত্ৰীয়ে ক’লে- মোক আপোনাৰ প্ৰমান পত্ৰৰ প্ৰয়োজন নাই

107

ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ ৰাজ্যপাল ভগত সিং কোছিয়াৰীয়ে ধাৰ্মিক স্থল খোলাক লৈ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেলৈ লিখা এখন পত্ৰক লৈ অব্যাহত আছে বিতৰ্ক। ধৰ্মনিৰপেক্ষতা আৰু হিন্দুত্ব সাঙোৰ খাই পৰা এই পত্ৰখনত ৰাজ্যপালে মুখ্যমন্ত্ৰীৰ হিন্দুত্বক লৈও প্রশ্ন কৰিছিল। দৰাচলতে মহাৰাষ্ট্ৰত মন্দিৰ খোলাক লৈ বিজেপিয়ে ঠায়ে ঠায়ে সাংকেতিক অনশন ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। এই লৈ ৰাজ্যপাল ভগত সিং কোছিয়াৰীয়ে মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেলৈ লিখা পত্ৰত তেওঁৰ হিন্দুত্বক লৈ প্ৰশ্ন তুলি সোধে- ‘আপুনি হঠাৎ ধৰ্মনিৰপেক্ষ হৈ পৰিল নেকি?’

ৰাজ্যপালৰ এই প্ৰশ্নৰ পিছতে উত্তৰ প্ৰদান কৰা হ’ল মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ তৰফৰ পৰা। য’ত উদ্ধৱ থাকৰেয়ে কয়, ‘পত্ৰত মোৰ হিন্দুত্বৰ উল্লেখ কৰাটো ভুল হৈছে। হিন্দুত্বৰ বাবে মোক আপোনাৰ প্ৰমান পত্ৰৰ প্ৰয়োজন নাই।’ মুখ্যমন্ত্ৰী থাকৰেয়ে পুনৰ লিখিছে, ‘মোৰ ৰাজ্যৰ ৰাজধানীক পাক অধিকৃত কাশ্মীৰ বুলি কোৱা সকলক হাঁহি হাঁহি মোৰ ঘৰলৈ আদৰণি জনোৱাটো মোৰ হিন্দুত্বৰ বাবে শোভা নাপায়।’

উল্লেখ্য যে, বলীউডৰ অভিনেত্ৰী কংগনা ৰাণাৱটে মুম্বাইক পাক অধিকৃত কাশ্মীৰৰ সৈতে তুলনা কৰাক লৈ দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। আনহাতে কংগনাৰ এনে মন্তব্যৰ পিছতো ৰাজ্যপালে তেওঁক সাক্ষাতৰ বাবে সময় প্ৰদান কৰাক লৈও প্ৰশ্নৰ উত্থাপন কৰিছিল বহুতে।