ষ্টাফৰিপোৰ্টাৰ, ২৭ এপ্ৰিল :: উদীয়মান ছাত্ৰনেতা অভিজিত শইকীয়াৰ বিয়োগত মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ কৰিছে। পাভৈ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি আছিল বিশ্বনাথ মহাবিদ্যালয়ৰ ছাত্ৰ অভিজিত শইকীয়া। বিশ্বনাথৰ অসম-অৰুণাচল সীমান্তৰ ৰাইজৰ মাজত সাহায্য সামগ্ৰী বিতৰণ কৰিবলৈ গৈ দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল ছাত্ৰনেতাজন। তেওঁৰ আজি মৃত্যু হয়।
