উত্তৰাখণ্ডৰ হিমস্খলনত সন্ধানহীন হৈ থকা অসমৰ পৰ্বতাৰোহী দীপশিখা হাজৰিকাৰ মৃতদেহ উদ্ধাৰ

145

অসমৰ যুৱ পৰ্বতাৰোহী দীপশিখা হাজৰিকাৰ মৃতদেহ উদ্ধাৰ।

উত্তৰাখণ্ডত পৰ্বতাৰোহণ কৰিবলৈ গৈ হিমস্খলনত সন্ধানহীন হৈ আছিল দীপশিখা।

শনিবাৰে পুৱা দীপশিখাৰ লগতে আন ৬ জনৰ মৃতদেহ উদ্ধাৰ কৰে উদ্ধাৰকাৰী দলে।

এতিয়ালৈকে হিমস্খলনস্থলীৰ পৰা উদ্ধাৰ কৰা হৈছে ২৬ জনৰ মৃতদেহ।

কিন্তু এতিয়াও সম্ভেদ পোৱা নাই আন ৩ জনৰ।

ইফালে অসম কন্যা দীপশিখাৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ অন্তত গুৱাহাটীলৈ অনা হ’ব বুলি জানিব পৰা গৈছে।

ইতিমধ্যে উত্তৰাখণ্ডতে আছে দীপশিখাৰ পিতৃ আৰু জ্যেষ্ঠ ভাতৃ।

উল্লেখ্য যে, উত্তৰাখণ্ডৰ এটা প্ৰশিক্ষণ কেন্দ্ৰত পৰ্বতাৰোহণৰ প্ৰশিক্ষণ গ্ৰহণৰ বাবে গৈছিল দীপশিখা হাজৰিকা।

প্ৰশিক্ষণ কেন্দ্ৰটোৰ ৪১ গৰাকী প্ৰশিক্ষক আৰু প্ৰশিক্ষাৰ্থীয়ে হিমালয়ৰ দ্ৰৌপদী কা দাণ্ডা শৃংগ আৰোহণ কৰি নামি অহাৰ সময়তে হিমস্খলনৰ সন্মুখীন হৈছিল।