উত্তৰ প্ৰদেশত বিজেপি নেতাক গুলীয়াই হত্যা

79

লক্ষ্ণৌঃ উত্তৰ প্ৰদেশত মঙলবাৰে পুৱাই বিজেপি নেতাৰ নৃশংস হত্যাকাণ্ডৰ ঘটনাই শোকাময় পৰিৱেশৰ সৃষ্টি কৰিছে ৰাজ্যখনত৷ জানিব পৰা মতে, উত্তৰ প্ৰদেশ বিজেপিৰ প্ৰাক্তন জিলা সভাপতি সঞ্জয় খোখাৰক বাঘপতত প্ৰাতঃভ্ৰমণৰ সময়ত অচিনাক্ত দুৰ্বৃত্তই নৃশংসভাৱে গুলীয়াই হত্যা কৰে৷ প্ৰণিধানযোগ্য যে, ইয়াৰ পূৰ্বেও ৩ গৰাকী বিজেপি নেতাক উত্তৰপ্ৰদেশত নৃশংসভাৱে হত্যা কৰি পেলাই থোৱা যোৱা হৈছিল৷

ঘটনা অনুসৰি, মঙলবাৰে পুৱা বাঘপতত নিজৰ চাহ বাগানলৈ প্ৰাতঃভ্ৰমণৰ বাবে ওলাই আহিছিল সঞ্জয় খোখাৰ৷ সেই সময়তে বাইকত অহা তিনিজনীয়া অচিনাক্ত দুৰ্বৃত্তৰ দলে বিজেপি নেতাজনলৈ লক্ষ্য কৰি কেইবাজাঁই গুলী বৰ্ষণ কৰে৷ এই ঘটনাত থিতাতে নিহত হয় বিজেপি নেতাগৰাকী৷

ঘটনা সন্দৰ্ভত উত্তৰ প্ৰদেশ আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে যদিও এই মুহূৰ্তলৈ হত্যাকাৰীৰ সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই৷ ইফালে বিজেপি নেতাজনৰ হত্যাকাণ্ডত গভীৰ শোক ব্যক্ত কৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে৷