উত্তৰ প্ৰদেশ বিজেপিত বিসম্বাদৰ মাজতে কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ, কাইলৈ সাক্ষাৎ কৰিব প্ৰধানমন্ত্ৰীক…

115

সমাগত উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচন। নিৰ্বাচনৰ পূৰ্বে উত্তৰ প্ৰদেশ বিজেপিত এতিয়া পৰিলক্ষিত হৈছে মতানৈক্যৰ। যোৱা সপ্তাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অতি ঘনিষ্ঠ হিচাপে পৰিচিত এ.কে শৰ্মাৰ উত্তৰ প্ৰদেশত পদাৰ্পণে যোগী আদিত্যনাথৰ গাদী থৰকবৰক কৰাৰ পিছত এইবাৰ কংগ্ৰেছ এৰি বিজেপিত যোগ দিয়া জিতীন প্ৰসাদো যোগী আদিত্যনাথৰ বাবে ফেক্টৰ হৈ পৰিছে।

তাৰ মাজতে দুদিনীয়া ভ্ৰমণ সূচীৰে দিল্লীত বাহৰ পাতি থকা মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰে। আনহাতে মুখ্যমন্ত্ৰীগৰাকীয়ে শুকুৰবাৰে প্ৰথমে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰাৰ পিছত বিয়লিৰ ভাগত বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জে.পি নড্ডাৰ সৈতেও এক বৈঠকত মিলিত হব বুলি জানিব পৰা গৈছে।

খবৰ অনুুযায়ী, মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰি উত্তৰ প্ৰদেশৰ ৰাজনৈতিক পট সন্দৰ্ভত আলোচনা কৰে। একেই বিষয়ত শুকুৰবাৰে প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰীয় অধ্যক্ষ জেপি নড্ডাৰ সৈতেও আলোচনাত মিলিত হব আদিত্যনাথ।