উত্তৰ প্ৰদেশ আৰক্ষীয়ে নহয়, চিবিআইয়ে কৰিব হাথৰস কাণ্ডৰ তদন্ত

105

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ হাথৰসত সংঘটিত পাষৱিক কাণ্ডৰ তদন্তভাৰ অৰ্পণ কৰা হৈছে চিবিআইক। কেন্দ্ৰীয় চৰকাৰে এই ঘটনাৰ তদন্ত যোগী চৰকাৰৰ অনুৰোধমৰ্মে চিবিআইক অৰ্পণ কৰে।

উল্লেখ্য যে, ১৪ ছেপ্তেম্বৰত হাথৰসত পোহনীয়া জন্তুৰ বাবে খাদ্য আনিবলৈ যোৱাৰ সময়ত দলবদ্ধ বলাৎকাৰৰ বলি হৈছিল মণীষা বাল্মিকী নামৰ ১৯ বছৰীয়া যুৱতীগৰাকী। দলিত সম্প্ৰদায়ৰ যুৱতীগৰাকীৰ জিভা কাটি পেলোৱাৰ লগতে ৰাজহাড় ভাগি পেলাইছিল তথাকথিত উচ্চ বৰ্ণৰ ৪ যুৱকে। ইফালে মুমূৰ্ষ অৱস্থাত যুৱতীগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও মৃত্যুৰ সৈতে যুঁজি অৱশেষত ২৯ ছেপ্তেম্বৰত দিল্লীৰ ছফদৰজং হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে যুৱতীগৰাকীয়ে।

হাথৰসৰ এই কাণ্ডক লৈ সমগ্ৰ দেশ উত্তাল হৈ পৰাৰ মাজতে যুৱতীগৰাকী বলাৎকাৰৰ বলি হোৱা নাছিল বুলি প্ৰকাশ কৰা হৈছিল উত্তৰপ্ৰদেশ চৰকাৰৰ তৰফৰ পৰা। তাৰ পিছতে সমগ্ৰ দেশ হাথৰস কাণ্ডক লৈ অধিক উত্তাল হৈ পৰে। উত্তৰ প্ৰদেশ চৰকাৰ আৰু প্ৰশাসনৰ ওপৰতো প্ৰশ্নৰ উত্থাপন হয়। এনে পৰিপ্ৰেক্ষিততে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত ঘটনাৰ চিবিআই তদন্তৰ বাবে অনুৰোধ জনায়।