উত্তৰ-পূর্ব ভাৰতত স্কিল ইণ্ডিয়াৰ প্ৰথম ৱৰ্কচপ

126

দেশৰ অৰ্থনৈতিক বিকাশৰ লগতে উত্তৰ-পূর্ব ভাৰতৰ যুৱসকলৰ দক্ষতা বৃদ্ধিৰ বাবে স্কিল ডেভেলপমেন্ট অ্যান্ড এন্টাৰপ্রিনয়ৰশিপৰ (এমএছডিই) অধীনত প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনাৰ (পিএমকেভিৱাই) প্ৰথম ৱৰ্কচপ আয়োজন কৰা হৈছিল। উত্তৰ-পূব ভাৰতৰ মুঠ আঠখন ৰাজ্যৰ স্টেট স্কিল ডেভেলপমেন্ট মিছন (এছএছডিএম) আৰু ডিসট্রিক্ট কমিটিৰ (ডিএছচি) অধিকাৰিকসকলে ৱৰ্কচপত অংশগ্ৰহণ কৰিছে।

পিএমকেভিৱাই ৩.০-ৰ ৱৰ্কচপত বিভিন্ন প্ৰকল্প, কাৰ্যসূচীৰ লগতে শিল্পত দক্ষতা বৃদ্ধি কৰি যুৱসকলক ভৱিষ্যতৰ চাকৰিৰ বাবে কেনেদৰে প্ৰস্তুত কৰিব পাৰি সেই বিষয়ে আলোচনা কৰা হয়। ইয়াৰ উপৰিও, নেশনাল্ এপ্রেন্টিসিপ প্রমোশন (এনএপিএছ), জন শিকশন সংস্থান (জেএছএছ), আইটিআই আৰু অন্যান্য প্ৰকল্পৰ সৈতে পিএমকেভিৱাই ৩.০-ৰ সম্পৰ্কৰ বিষয়টোও আলোচনা কৰা হৈছে। ইতিমধ্যে দেশৰ ১.২১ কোটিতকৈও অধিক যুৱক-যুৱতী পিএমকেভিৱাই ১.০ আৰু পিএমকেভিৱাই ২.০ ৰ অধীনত স্কিলিং ইকোচিষ্টেমৰ জৰিয়তে সফলতাৰে অভিমুখী হৈছে।

ছিকিম চৰকাৰৰ স্কিল ডেভেলপমেন্টৰ ডিপার্টমেন্টৰ চেক্ৰেটাৰী শ্ৰীমতী গংগা দেৱী প্ৰধানে কয় যে, উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ প্ৰকৃতিৰ লগতে কৃষি-জলবায়ু সম্পদ, সংস্কৃতি আৰু স্থানীয় ব্যৱসায়ৰ বাবে বিখ্যাত আৰু সেয়েহে পিএমকেভিৱাই ৩.০ কাৰ্যকৰী কৰাৰ বাবে এছএছডিএম আৰু ডিএছচিৰ সমৰ্থন প্ৰয়োজন। আমাৰ সকলোৰ বাবে সেনাবাহিনীত যোগদান কৰাটো সম্ভৱ নহয় আৰু কেৱল উত্তৰ-পূৰ্ব ভাৰতত আৰ্টছ অ্যান্ড ক্রাফটছ আৰু সংস্কৃতিৰ প্ৰচাৰ কৰাটো চৰকাৰৰ বাবে পৰ্যাপ্ত নহয়, সেয়েহে এক দক্ষ কৰ্মশক্তি গঢ়ি তোলাৰ বাবে যুৱসকলৰ দক্ষতা বৃদ্ধি কৰাটো প্ৰয়োজন হৈ পৰিছে।