উত্তৰ-পূবৰ ৰাজ্য মণিপুৰত হিংসা অব্যাহত আছে । হিংসা প্ৰতিহত কৰাৰ বাবে অসম ৰাইফলছকে ধৰি নিৰাপত্তা বাহিনীয়ে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে । ঠায়ে ঠায়ে অভিযানো চলাইছে নিৰাপত্তা বাহিনীয়ে ।অসম ৰাইফলছৰ এক প্ৰেছ বিবৃতি অনুসৰি এক শৃংখলাবদ্ধ যুটীয়া অভিযানত ভাৰতীয় সেনা, অসম ৰাইফলছ, মণিপুৰ আৰক্ষী আৰু অন্যান্য নিৰাপত্তা বাহিনীয়ে মণিপুৰৰ কেইবাখনো জিলাৰ পৰা অস্ত্ৰ-শস্ত্ৰ, আইইডি, গোলাবাৰুদ আৰু মাৰণাস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।বিভিন্ন যুটীয়া অভিযানত মণিপুৰৰ ইম্ফল পশ্চিম, চুৰাচান্দপুৰ, কাংপোকপি, ইম্ফল পূব, জিৰিবাম আৰু টেংনুপাল জিলাৰ পাহাৰীয়া আৰু উপত্যকা অঞ্চলৰ পৰা সামগ্ৰীখিনি জব্দ কৰে । মণিপুৰ আৰক্ষীৰ সহযোগত অসম ৰাইফলছে ২৪ নৱেম্বৰত কাংপোকপি জিলাৰ লুংখংজাঙৰ লংগাজাং অঞ্চলত এক যুটীয়া তালাচী অভিযান চলাইছিল । য’ত এটা .৩০৩ ৰাইফল, এটা এছবিবিএল বন্দুক, দুটা ৯ এমএম পিষ্টল, এটা মৰ্টাৰ গোলাবাৰুদ আৰু বিভিন্ন মাৰণাস্ত্ৰ উদ্ধাৰ কৰে । উদ্ধাৰ হোৱা সামগ্ৰীখিনি মণিপুৰ আৰক্ষীক হস্তান্তৰ কৰা হয় ।