উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ সময়ৰ সালসলনি

87

ক’ৰ’না আতংকৰ মাজতে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ জৰুৰী ঘোষণা। উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক প্ৰথমবৰ্ষৰ পৰীক্ষাৰ এটা কৈ বিষয়ৰ পূৰ্বে ঘোষিত সময়ৰ সাল- সলনি। জাননীৰ জৰিয়তে সংসদে ঘোষণা কৰিছে এই কথা।

সংসদে জাননীৰ জৰিয়তে প্ৰকাশ কৰা অনুসৰি ১৯ মে’ৰ পিছবেলা অনুষ্ঠিত হ’ব লগা চূড়ান্ত বৰ্ষৰ এমআইএল/অলটাৰনেটিভ ইংলিছ বিষয়ৰ পৰীক্ষা উক্ত দিনৰ পৰিৱৰ্তে অনুষ্ঠিত হ’ব ৫ জুনৰ পুৱা। একেদৰে প্ৰথম বৰ্ষৰ কম্পিউটাৰ চাইন্স এণ্ড এপ্লিকেচন বিষয়ৰ পৰীক্ষা ১৯মে’ ৰাতিপুৱাৰ পৰিৱৰ্তে অনুষ্ঠিত হ’ব ১৭মে’ আবেলি।

টেকনিকেল অসুবিধাৰ বাবে পৰীক্ষাৰ দিন সাল-সলনি কৰাৰ কথা জাননীখনত স্পষ্টকৈ উল্লেখ কৰিছে। উল্লেখ্য যে, এই বিশেষ জাননীখন প্ৰকাশ পাইছে বৃহস্পতিবাৰে।