উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু মণিপুৰৰ ২ নিৰ্যাতিতাৰ’ আজি শুনানি

68

উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু দাখিল কৰিলে মণিপুৰৰ দুই নিৰ্যাতিতা মহিলাই। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে ভুক্তভোগীয়ে। ভুক্তভোগী দুগৰাকীৰ অনুৰোধ- ঘটনাৰ নিৰপেক্ষ তদন্ত হওক। তদুপৰি মণিপুৰৰ গোচৰত উচ্চতম ন্যায়ালয়ে স্ব-উদ্দেশ্য গ্ৰহণ কৰিবলৈও অনুৰোধ জনাইছে। সোমবাৰে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ বিচাৰপীঠত তেওঁলোকৰ গোচৰৰ শুনানি গ্ৰহণ কৰা হ’ব।

কিছুদিন পূৰ্বে দুগৰাকী মহিলাক উলংগ পেৰেড কৰাৰ পিছত দলবদ্ধ ধৰ্ষণৰ ভিডিঅ’ ভাইৰেল হৈছিল। এই ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছত সমগ্ৰ দেশতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক উচ্চতম ন্যায়ালয়ে ধমক প্ৰদান কৰে। উদ্বেগ প্ৰকাশ কৰি উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে যে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰ বিফল হ’লে মণিপুৰত শান্তি ঘূৰাই অনাৰ ব্যৱস্থা গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে। প্ৰয়োজন হ’লে নিজাববীয়াকৈ গোচৰ ৰুজু কৰা হ’ব।

কেইবাদিনো এই ঘটনাৰ অন্তত ভুক্তভোগী দুই উচ্চতম ন্যায়ালয়ৰ কাষ চাপে। মণিপুৰৰ দুগৰাকী ভুক্তভোগীয়ে কেন্দ্ৰ আৰু ৰাজ্য দুয়োখন চৰকাৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। নিৰপেক্ষ তদন্তৰ লগতে ৰাজ্যৰ পৰিস্থিতি স্বাভাৱিক কৰাৰ বাবে উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ দাবী কৰে। যদিও ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে ভাইৰেল ভিডিঅ’ কাণ্ডৰ চিবিআই তদন্তৰ নিৰ্দেশ দিছে। মণিপুৰৰ বাহিৰতো তদন্ত কৰা হৈছে। মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে ইতিমধ্যে ভাইৰেল ভিডিঅ’টোৰ গোচৰৰ মূল অভিযুক্তকে ধৰি ৭জন লোকক গ্ৰেপ্তাৰ কৰিছে।

মণিপুৰৰ হিংসাত্মক গোচৰৰ শুনানি পূর্বেই হোৱাৰ কথা আছিল৷ কিন্তু মুখ্য ন্যায়াধীশৰ অসুস্থতাৰ বাবে ই পলম হয়। জানিব পৰা মতে সোমবাৰৰ পৰা তেওঁৰ আদালতত দুজন ভুক্তভোগীৰ গোচৰৰ শুনানি আৰম্ভ হ’ব।