ঈদৰ নামত কৰ’নাৰ সংক্ৰমন বৃদ্ধি পোৱাত সহায় নকৰিবলৈ আহ্বান

59

ষ্টাফৰিপোৰ্টাৰ, ১৯ মে’ : ঈদৰ নামত কৰ’নাৰ সংক্ৰমন বৃদ্ধি পোৱাত সহায় নকৰিবলৈ আহ্বান জনাইছে
ইত্তেহাদ ফ্ৰন্ট,অসম ৰাজ্যিক সমিতিয়ে। এক প্ৰেছ বিবৃতি যোগে ইত্তেহাদ ফ্ৰন্ট,অসম ৰাজ্যিক সমিতিৰ সভাপতি নুৰ ইছলাম, উপ -সভাপতি ক্ৰমে ৰুবুল আলী,জিল্লুল হক, সাধাৰণ সম্পাদক বাহাৰুল আমিনে এক বিবৃতি যোগে কয় ” সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰা ক’ভিড-১৯” ৰ পৰা পৰিত্ৰাণ তথা সংক্ৰমণ ৰোধৰ বাবে বিগত ২৪ মাৰ্চ পৰা ভাৰতত প্ৰথম পৰ্যায়ৰ লকডাউন আৰম্ভ হৈছিল৷
সংক্ৰমণ বৃদ্ধি পোৱাৰ ফলত চৰকাৰে লকডাউন ৪.০লৈ বৃদ্ধি কৰিছে৷ অসম চৰকাৰে ৰাইজৰ জীৱন ধাৰণাৰ প্ৰতি লক্ষ্য কৰি ৪ৰ্থ পৰ্যায়ৰ লকডাউন সন্ধৰ্ভত প্ৰদান কৰা নিৰ্দেশনাত কিছু শিথিলতা অনা দেখা পোৱা গৈছে৷ অতি পৰিতাপৰ বিষয়টো হ’ল শিথিলতাৰ সুযোগলৈ কাপোৰ, মণিহাৰী আৰু জোতা- ছেণ্ডেল দোকানী সকলে সামাজিক দূৰত্ব বজাই নাৰাখি চৰকাৰী নিৰ্দেশনা অৱমাননা কৰি বেছা কিনা কৰি থকা পৰিলক্ষিত হৈছে৷
এচাম অসচেতন লোকে
ঈদ উল ফিতৰ উপলক্ষে চৰকাৰী নিৰ্দেশনাক বৃদ্ধাংগুষ্ঠ দেখোৱাই ৬৫বছৰ উৰ্দ্ধৰ আৰু ১০ বছৰ তলৰ শিশুক লগত লৈ কাপোৰ, মণিহাৰি, জোতা- ছেণ্ডেলৰ দোকান সমূহত বজাৰ কৰাৰ নামত ভীৰ কৰা দেখা যায়৷
যাৰ ফলত যথেষ্ট পৰিমাণে জন সমাগম ঘটা পৰিলক্ষিত হৈছে৷
এনে অসাৱধানতাৰ ফলত অসমত ক’ৰোনাৰ সংক্ৰমন বৃদ্ধি পোৱা তথা ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ আশংকাই দেখা দিছে৷ ইতিমধ্যে অসমত কৰ’নাত আক্ৰান্ত ৰোগীৰ সংখ্যা দিনক দিনে বৃদ্ধি পাই আহিছে৷
সামাজিক দূৰত্ব বজায় ৰাখি লক ডাউনৰ নীতি নিয়ম পালন কৰি তথা বজাৰত গৈ নতুন কাপোৰ নিকিনাকৈয়ো ঈদ পালন কৰিব পাৰি৷ জীয়াই থাকিলে ঈদ বহুত পালন কৰিব পৰা যাব৷ কিন্তু ঈদৰ বাবে নতুন কাপোৰ অথবা অন্যান্য বজাৰ কৰিবলৈ গৈ লক ডাউনৰ নিৰ্দেশনা উলংঘা কৰাৰ লগতে সামাজিক দূৰত্ব বজাই নাৰাখি ইজনে সিজনৰ সংস্পৰ্শত গৈ ভয়ংকৰ বিপদ চপাই নলবলৈ আৰু বজাৰত কাপোৰ কিনা অথবা বজাৰ কৰাৰ নামত বজাৰত অযথা ভীৰ কৰি নিজৰ লগতে সমাজক নিঃশেষ নকৰিবলৈ অসমবাসীক আহ্বান জনালোঁ৷ আনহাতে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ইত্তেহাদ ফ্ৰন্ট ৰাজ্যিক সমিতিয়ে ইমেইল যোগে স্মাৰক পত্ৰ প্ৰেৰণ কৰি কাপোৰ, মনিহাৰী আৰু জোতা-ছেণ্ডেলৰ দোকান সমূহ ঈদৰ আগলৈকে বন্ধৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।