ষ্টাফ ৰিপোৰ্টাৰ: মানৱ সেৱাত ব্ৰতী শিখ সকলৰ অন্যতম সংগঠন নৰ্থ ইষ্ট খালচা কেন্দ্ৰত আৰ্থিক অনুদান আগবঢ়াইছে – আজমল ফাউণ্ডেচনে ৷ সমাজৰ নিৰলা নিচলা সকলক প্ৰতি মূহুৰ্ত্তত সহায় কৰি অহা আজমল ফাউণ্ডেচনে এই খালচা কেন্দ্ৰক বুধবাৰে দুই লাখ টকাৰ আৰ্থিক অনুদান আগবঢ়াইছে ৷ বুধবাৰে আনুষ্ঠানিক ভাৱে গুৱাহাটী নেহেৰু ষ্টেডিয়ামৰ সমীপৰ গুৰুদ্বাৰ প্ৰাঙ্গনত অনুষ্ঠুপিয়াকৈ হোৱা অনুষ্ঠানত আজমল ফাউণ্ডেচনৰ প্ৰবন্ধক ড০ এম আৰ এইচ আজাদ, আজমল ফাউণ্ডেচনৰ শিক্ষা সঞ্চালক সমিৰ কাঞ্জিলালে এই আৰ্থিক অনুদান চেক যোগে খালচা কৰ্তৃপক্ষৰ হাতত প্ৰদান কৰে ৷ তেওঁলোকৰ সংগঠনৰ হৈ এই চেক গ্ৰহন কৰে বিশিষ্ট সাংবাদিক, সমাজকৰ্মী পি পি সিঙে ৷ উল্লেখ্য বিগত কেইবাবছৰ ধৰি আৰু সম্প্ৰতি লকডাউনৰ সময়ত বিভিন্ন জনক খালচা চেন্টাৰে খাদ্য প্ৰস্তুত কৰি জাতি ধৰ্ম নিৰ্বিশেষে সকলোকে খোৱাই আহিছে ৷ পদ পথত থকা বা অন্যান্য লোক সকলৰ মাজত এই খাদ্য বিতৰন কৰে ৷ খালচা কৰ্তৃপক্ষৰ অনুৰোধ মৰ্মে আজমল ফাউণ্ডেচনৰ চি ই অ মৌ বদৰুদ্দিন আজমলে আজমল ফাউণ্ডেচনৰ পৰা দুই লাখ টকাৰ অনুদান খালচা চেন্টাৰলৈ আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহন কৰে ৷ চেক প্ৰদান অনুষ্ঠানটোত খালচা চেন্টাৰৰ কৰ্তৃপক্ষই আজমল ফাউণ্ডেচন আৰু বদৰুদ্দিন আজমললৈ কৃতজ্ঞতা প্ৰকাশ কৰে আৰু এই সহমৰ্মীতাই বহু ভোকত থকা সকলৰ সহায় হব বুলি কৰ্তৃপক্ষৰ হৈ খালচা চেন্টাৰৰ পি পি সিঙে ব্যক্ত কৰে ৷ উল্লেখযোগ্য লকডাউনৰ এই সময়চোৱাত আজমল ফাউণ্ডেচনে প্ৰায় ৭০ হাজাৰতকৈ অধিক পৰিয়াললৈ খাদ্য সামগ্ৰীৰ টোপোলা বিতৰন কৰি আৰ্তজনলৈ সহায়ৰ হাত আগবঢ়াই আহিছে ।
Latest article
প্ৰচণ্ড বৰষুণৰ মাজতো গুৱাহাটীবাসীক আপ্লুত কৰিলে জে কে টায়াৰে আয়োজন কৰা ইণ্ডিয়ান ৰেচিং ফেষ্টিভেলে
হঠাতে হোৱা ধুমুহা-বৰষুণক নেওচি জে কে টায়াৰে আইআইটি গুৱাহাটী চৌহদত আয়োজন কৰা ইণ্ডিয়ান ৰেচিং ফেষ্টিভেলে মটৰস্পৰ্টৰ আকৰ্ষণীয় ৰূপ আৰু যুৱ শক্তিৰ এক ৰোমাঞ্চকৰ মিশ্ৰণেৰে...
বিচিচিআইৰ কেন্দ্ৰীয় চুক্তিত ৰোহিত-কোহলী শীৰ্ষ শ্ৰেণীত স্থান
ভাৰতৰ টেষ্ট আৰু এদিনীয়া দলৰ অধিনায়ক ৰোহিত শৰ্মা আৰু তাৰকা বেটছমেন বিৰাট কোহলীক সোমবাৰে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে (বিচিচিআই) প্ৰকাশ কৰা চুক্তিবদ্ধ খেলুৱৈৰ তালিকাৰ...
২২ এপ্ৰিলত লক্ষ্ণৌ চুপাৰ জায়াণ্টছৰে মুখামুখি দিল্লী কেপিটেলছৰ
দিল্লী কেপিটেলছে মঙলবাৰে ইয়াত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত (আই পি এল) লক্ষ্ণৌ চুপাৰ জায়াণ্টছৰ সৈতে মুখামুখি হ'ব। এই খেলখনত দিল্লীয়ে আশা কৰিব যে তেওঁলোকৰ প্ৰাৰম্ভিক...