ইতিহাসৰ কিতাপত তাজমহলক লৈ ‘ভুল’ তথ্য! আবেদনৰ শুনানি গ্ৰহণ কৰি পুৰাতত্ব বিভাগক আদালতৰ এই নিৰ্দেশ…

238

তাজমহলৰ ইতিহাসৰ কিতাপত ভুল শুধৰণিৰ আবেদনৰ ভিত্তিত দাখিল কৰা গোচৰৰ বিবেচনাৰ বাবে ভাৰতীয় পুৰাতত্ব জৰীপ (এএছআই)ক নিৰ্দেশ প্ৰদান কৰিছে দিল্লী উচ্চ ন্যায়ালয়ে ।

হিন্দুত্ববাদী সংগঠন ‘হিন্দু সেনা’ই দিল্লী উচ্চ ন্যায়ালয়ত দাখিল কৰা জনস্বাৰ্থৰ গোচৰত কোৱা হৈছে যে এই স্মৃতিসৌধটো শ্বাহজাহানে নিৰ্মাণ কৰা নাছিল, তেওঁ কেৱল ৰাজা মান সিঙে নিৰ্মাণ কৰা ৰাজপ্ৰসাদটোহে সংস্কাৰ কৰিছিল। ইতিহাসৰ কিতাপত থকা সকলো তথ্য ‘ভুল’। আজিৰ দিনটোতে দিল্লী উচ্চ ন্যায়ালয়ৰ দুজন ন্যায়াধীশৰ বিচাৰপীঠে বিষয়টো বিবেচনা কৰিবলৈ এএছআইক নিৰ্দেশ দিয়ে।

‘হিন্দু সেনা’ সংগঠনে দাখিল কৰা জনস্বাৰ্থৰ গোচৰত আজি দিল্লী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সতীশ চন্দ্ৰ শৰ্মা আৰু ন্যায়াধীশ তুষাৰ ৰাও গেডেলাৰ বিচাৰপীঠে শুনানি গ্ৰহণ কৰে। আবেদনকাৰী সংগঠনটোৱে দাবী কৰিছিল যে তাজমহল আচলতে ৰাজা মানসিংহৰ ৰাজপ্ৰসাদ। পিছলৈ মোগল সম্ৰাট শ্বাহজাহানে ইয়াৰ সংস্কাৰ সাধন কৰে। ইতিহাসৰ কিতাপত তাজমহল নিৰ্মাণ সম্পৰ্কীয় সকলো তথ্য ভুল আৰু শুধৰণি কৰিব লাগে। আবেদনকাৰীৰ মতে, শ্বাহজাহানে তাজমহল নিৰ্মাণ কৰা স্কুল-কলেজৰ ইতিহাসৰ কিতাপত থকা সকলো ‘অশুদ্ধ’ তথ্য শুধৰণি কৰাৰ প্ৰয়োজন আছে। আবেদনকাৰীৰ আবেদনত আদালতে এ এছ আই, কেন্দ্ৰীয় চৰকাৰ, উত্তৰ প্ৰদেশ চৰকাৰকে ধৰি সংশ্লিষ্ট সকলো পক্ষকে ‘ভুলটো শুধৰণি’ কৰিবলৈ নিৰ্দেশ দিয়ে।

আদালতত দাখিল কৰা এখন আৱেদনত সংগঠনটোৱে দাবী জনাইছে যে ১৬৩১ চনৰ ১৬ ডিচেম্বৰত তাজমহলৰ বয়সকে ধৰি ৰাজা মান সিঙৰ ৰাজপ্ৰসাদৰ অস্তিত্বৰ বিষয়ে এ এছ আইক তদন্ত কৰি আদালতত প্ৰতিবেদন দাখিল কৰিব লাগে। এই সন্দৰ্ভত নিৰ্দেশনা দিবলৈ উচ্চ ন্যায়ালয়ত আবেদন কৰা হৈছে।

দাবীদাৰে দাবী কৰে যে শ্বাহজাহানে ১৬৩২ চনৰ পৰা ১৬৩৮ চনলৈ ৰাজা মান সিঙৰ ৰাজপ্ৰসাদ সংস্কাৰ কৰিছিল। আব্দুলে লিখা ‘পদশ্বাহনামা’ নামৰ এখন গ্ৰন্থত উল্লেখ কৰা তথ্যৰ পৰা এই বিষয়টো জানিব পৰা বুলি আবেদনখনত দাবী কৰা হৈছে। আৱেদনখনৰ মতে, এ এছ আইৰ ৱেবছাইটত তাজমহলৰ বিষয়ে ভুল তথ্য সন্নিবিষ্ট কৰা হৈছে।

অৱশ্যে তাজমহলৰ অস্তিত্বক লৈ সন্দেহৰ সৃষ্টি কৰা এইটোৱেই প্ৰথম নহয়। ইয়াৰ পূৰ্বেও হিন্দুত্ববাদী সংগঠনসমূহে বহুবাৰ আদালতৰ কাষ চাপিছে। তাজমহল খনন কৰিবলৈ অনুৰোধ জনাই বিজেপি আৰু ইয়াৰ সহযোগী সংস্থাই কেইবাবাৰো আদালতৰ কাষ চাপিছে, কেতিয়াবা তেজো মহালয়া, কেতিয়াবা হিন্দু মন্দিৰ বুলি দাবী কৰি, আনকি তলৰ বন্ধ কোঠাবোৰো খুলি হিন্দু দেৱ-দেৱীৰ মূৰ্তি আছে নে নাই চাবলৈ চেষ্টা কৰিছে। যোৱা বছৰ অযোধ্যা জিলা বিজেপিৰ সংবাদ মাধ্যম বিভাগৰ ভাৰপ্ৰাপ্ত নেতা ৰজনীশ সিঙে আদালতত কয় যে শ্বাহজাহানে তাজমহল নিৰ্মাণ কৰাৰ কোনো ‘বৈজ্ঞানিক প্ৰমাণ’ নাই। এই স্থাপত্যৰ বাস্তৱ ইতিহাস জানিবলৈ তাজমহলৰ ২২টা বন্ধ মাটিৰ তলৰ কোঠাৰ দুৱাৰ খুলিব লাগে। সেই সময়ত উচ্চতম ন্যায়ালয়ে তেওঁৰ আবেদন নাকচ কৰি তীব্ৰ নিন্দা কৰি কয় যে, “এনে আবেদন কেৱল প্ৰচাৰৰ স্বাৰ্থতহে কৰা হৈছে।”