বাংগালুৰুৰ পৰা পাটনালৈ উৰা মৰা গো এয়াৰৰ এখন যাত্ৰীবাহী বিমান শনিবাৰে নাগপুৰ বিমান বন্দৰত জৰুৰী অৱতৰণ কৰিবলগা হয়।
বিমানখনৰ ইঞ্জিনত বিসংগতি ধৰা পৰাৰ পিছতে পাইলতে বিনানখন নাগপুৰত জৰুৰী অৱতৰণ কৰোৱায়। যাৰ ফলত বিমানখনত থকা ১৩৯ গৰাকী আৰু ক্ৰু মেম্বাৰ এক সাম্ভাব্য দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে
নাগপুৰ বিমান বন্দৰৰ পৰা যাত্ৰীসকলক আন এখন বিমানেৰে পাটনালৈ পঠিওৱাৰ ব্যৱস্থা কৰা হয়।