ইজৰাইল আৰু হামাছৰ যুদ্ধবিৰতি অব্যাহত আছে । বৃহস্পতিবাৰে অস্থায়ী যুদ্ধবিৰতিৰ নিৰ্ধাৰিত ম্যাদ উকলি যোৱাৰ কথা আছিল যদিও তাৰ কিছু সময় পূৰ্বে ইজৰাইল সামৰিক বাহিনীয়ে আনুষ্ঠানিকভাৱে এদিনৰ সম্প্ৰসাৰণৰ কথা ঘোষণা কৰে । যুদ্ধবিৰতি চুক্তিৰ অধীনত দুয়োপক্ষই বন্দীসকলক মুকলি কৰাৰ প্ৰক্ৰিয়াও অব্যাহত ৰাখিছে । ইজৰাইলে যুদ্ধবিৰতি চুক্তি এদিনৰ সম্প্ৰসাৰণৰ ঘোষণা কৰাৰ লগে লগে হামাছ সন্ত্ৰাসবাদী গোটে বৃহস্পতিবাৰে নিশা ৰাফা ক্ৰছিঙৰ জৰিয়তে আৰু ৬ গৰাকী ইজৰাইলী বন্দীক ইজিপ্তলৈ মুকলি কৰি দিয়ে ।
