ইজিপ্তত আঢ়ৈ হাজাৰ বছৰ পুৰণি ঘৰিয়ালৰ অৱশিষ্ট উদ্ধাৰ…

85

প্ৰাচীন ইজিপ্তৰ সমাধিস্থলত ১০টা মমিফাইড ঘৰিয়াল আৱিষ্কাৰ কৰিছে পুৰাতত্ত্ববিদসকলে।

গৱেষকসকলে কয় যে এই ঘৰিয়ালৰ কংকাল সম্ভৱতঃ ২৫০০ বছৰতকৈও অধিক সময় ধৰি তাত পৰি আছিল, যিটো অনুষ্ঠানত প্ৰাচীন মিচৰীয়াসকলে পূজা কৰা উৰ্বৰতা দেৱতা ছ’বেকক সন্মান জনোৱাৰ সম্ভাৱনা আছে।

২০১৯ চনত কুব্বাত আল-হাৱাত এই অৱশিষ্ট উদ্ধাৰ হোৱাৰ বিপৰীতে শেহতীয়াকৈ এখন আলোচনীত এই আৱিষ্কাৰৰ বিষয়ে বিতংভাৱে উল্লেখ কৰা হৈছে।