ষ্টাফৰিপৰ্টাৰ, ১৬ জুন : দীৰ্ঘ বিৰতিৰ অন্তত অনুষ্ঠিত হ’ল ইউনিফাইড কমাণ্ড ষ্টাকচাৰৰ অধীনত এক গুৰুত্বপূৰ্ণ বৈঠক৷ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ অধ্যক্ষতাত ইউনিফাইড কমাণ্ডৰ এই বৈঠকখন মঙলবাৰে অনুষ্ঠিত হয়৷ বৈঠকখন অনুষ্ঠিত হয় খানাপাৰাত থকা ষ্টাফ কলেজত৷
ৰাজ্যৰ নিৰাপত্তা ব্যৱস্থা সন্দৰ্ভত শিথিল লকডাউনৰ সময়তে পৰ্যালোচনাৰ বাবে আয়োজিত ইউনিফাইড কমাণ্ডৰ বৈঠকত সেনাৰ চৰ্তুথ ক’ৰৰ জিঅ’চি, চি আৰ পি এফ ৰ মহাপৰিদৰ্শক, বি এছ এফ ৰ মহাপৰিদৰ্শক, এছ এছ বিৰ মহাপৰিদৰ্শক, এছ আই বিৰ উপ-সঞ্চালক, অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত, আইন-শৃংখলাৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জ্ঞানেন্দ্ৰ প্ৰতাপ সিং, বিশেষ শাখাৰ মহাপৰিদৰ্শক হীৰেন নাথ আৰু ৰাজ্যৰ গৃহ বিভাগৰ অতিৰিক্ত মুখ্য সচিবে অংশগ্ৰহণ কৰে৷
এই বৈঠক বিদ্ৰোহী সংগঠনৰ তৎপৰতা, বিদ্ৰোহী বিৰোধী অভিযান, ৰাজ্যৰ আভ্যন্তৰীণ নিৰাপত্তা সন্দৰ্ভত বিতংকৈ আলোচনা কৰা হয়৷