ইউটিউবৰ জৰিয়তে ছেবাই আৰম্ভ কৰিছে দশম শ্ৰেণীৰ পাঠ্যক্ৰম

175

ষ্টাফ ৰিপোৰ্টাৰ, ৩১ মাৰ্চ :: এতিয়া দেশত ল’ক ডাউন। কৰ’না ভাইৰাছ প্ৰতিৰোধ কৰিবলৈ সকলোকে ঘৰত থাকিবলৈ আহ্বান জনাইছে কেন্দ্ৰীয় চৰকাৰে। কিন্তু ল’ক ডাউনৰ ফলত এতিয়া যথেষ্ট ক্ষতিৰ সন্মুখীন হৈছে ছাত্ৰ–ছাত্ৰীসকল। শিক্ষাবৰ্ষ আৰম্ভ হোৱাৰ পিছতে এনেদৰে হঠাৎ ২১ দিন ল’ক ডাউন হোৱাত বিশেষকৈ সমস্যাত পৰিছে দশম শ্ৰেণীৰ ছাত্ৰ–ছাত্ৰীসকল। দশম শ্ৰেণীৰ ছাত্ৰ–ছাত্ৰীসকলৰ বাবে এতিয়া বিশেষ ব্যৱস্থা কৰিছে অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবাই। ছেবাই ‘SIQES EDUAID LLP’ৰ সহযোগত ইউটিউবতৰ জৰিয়তে দশম শ্ৰেণীৰ ছাত্ৰ–ছাত্ৰীসকলৰ বাবে ইংৰাজী, অসমীয়া আৰু বড়ো ভাষাত মাৰ্চ আৰু এপ্ৰিল মাহৰ পাঠ্যক্ৰমৰ ব্যৱস্থা কৰিছে। প্ৰতি সোমবাৰৰ পৰা শনিবাৰলৈকে বিয়লি ৫ বজাৰ পৰা বজালৈকে EDUAIDৰ ইউটিউব চেনেলৰ জৰিয়তে দশম শ্ৰেণীৰ ছাত্ৰ–ছাত্ৰীসকলে নিজৰ পাঠ গ্ৰহণ কৰিব পাৰিব।