ইউটিউবৰ ভিডিঅ’ চাই ঘৰতে গৰ্ভৱতী পত্নীৰ প্ৰসৱৰ চেষ্টা চলালে স্বামীয়ে। এনে এক অভিযোগ লাভ কৰিছে তামিলনাডুৰ ৰাণীপেট জিলাৰ স্বাস্থ্য বিভাগে।
স্বাস্থ্য বিভাগে অভিযোগ অনুসৰি জিলাখনৰ নেমিলিৰ ওচৰৰ পানাপক্কমত এখন সৰু দোকান চলাই থকা লোকনাথনে (৩২) তেওঁৰ পত্নী গোমতীক (২৮) তেওঁলোকৰ সন্তান প্ৰসৱ কৰাত সহায় কৰিবলৈ ইউটিউব ভিডিঅ’ৰ ওপৰত নিৰ্ভৰ কৰে। যাৰ পৰিণতিত এটা মৃত সন্তান প্ৰসৱ কৰে গোমতীয়ে।
ইফালে নেমিলি আৰক্ষীয়ে অভিযোগ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে যদিও কাৰো বিৰুদ্ধে এতিয়ালৈকে গোচৰ কৰা হোৱা নাই। আৰক্ষীয়ে জানিবলৈ দিয়া মতে পত্নীৰ অনুমতি সাপেক্ষেই লোকনাথনে ঘৰতে ইউটিউব ভিডিঅ’ৰ জৰিয়তে প্ৰসৱৰ চেষ্টা চলাইছিল।
আনহাতে ঘৰতে চলোৱা প্ৰসৱৰ চেষ্টাত মহিলাগৰাকীয়ে এটি মৃত সন্তান জন্ম দিয়ে। ইফালে অধিক ৰক্তক্ষৰণৰ বাবে মহিলাগৰাকীক সংকটজনক অৱস্থাত ভেলোৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয়।
আৰক্ষীয়ে সদৰী কৰা মতে, যে লোকনাথন আৰু গোমতীয়ে ২০২০ চনত বিবাহ পাশত আৱদ্ধ হৈছিল। মহিলাগৰাকীয়ে ১৩ ডিচেম্বৰত সন্তান জন্ম দিয়াৰ কথা আছিল। কিন্তু কিছু পলমকৈ ডিচেম্বৰৰ ১৮ তাৰিখে, তেওঁ প্ৰসৱবেদনা অনুভৱ কৰে।, কিন্তু চিকিৎসালয়লৈ যোৱাৰ পৰিৱৰ্তে, লোকনাথনে পত্নীক ঘৰত কেঁচুৱাটো প্ৰসৱ কৰাত সহায় কৰাৰ সিদ্ধান্ত লয়। তেওঁ তেওঁৰ ভগ্নী গীতাৰ সহায়ত ইউটিউব ভিডিঅ’ চাই সন্তান প্ৰসৱৰ চেষ্টা চলায়। দীঘলীয়া সংগ্ৰামৰ পিছত, গোমাথিয়ে এটা মৃত সন্তান জন্ম দিয়ে। আনহাতে প্ৰচুৰ ৰক্তক্ষৰণৰ তেওঁক ওচৰৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা হয় যদিও সংকটজনক অৱস্থাত তাৰ পৰা ভেলোৰ চৰকাৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
আনফালে স্বাস্থ্য বিভাগে জানিবলৈ দিয়া মতে মহিলাগৰাকী গৰ্ভৱতী হোৱাৰ পিছত দম্পতীহালে নিয়মীয়া পৰীক্ষা কৰিবলৈও অস্বীকাৰ কৰিছিল। এগৰাকী স্বাস্থ্য বিষয়াই কয়, “গোমাথি এই বছৰৰ মাৰ্চমাহত গৰ্ভৱতী হৈছিল। তেওঁলোকে প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত গৰ্ভধাৰণ পঞ্জীয়ন কৰিছিল, কিন্তু পৰৱৰ্তী কোনো পৰীক্ষাৰ বাবে অহা নাছিল। যেতিয়া ভিলেজ হেল্থ নাৰ্চে (ভি.এইচ.এন.) তেওঁলোকক পৰীক্ষাৰ বাবে আহিবলৈ কয়, দম্পতীহালে জনায় যে তেওঁলোকে ভেলোৰ চি.এম.চি. চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰি আছে। যাৰ পিছত তেওঁলোকক পৰীক্ষাৰ ৰচিদ প্ৰদান কৰিবলৈ কোৱা হয়, কিন্তু তেওঁলোকে পলম কৰি আছিল। ১৩ ডিচেম্বৰৰ প্ৰসৱৰ তাৰিখ ওচৰ চাপি অহাৰ সময়ত ভিএইচএন-এ তেওঁলোকৰ সৈতে পুনৰ যোগাযোগ কৰে, কিন্তু তেওঁলোকে কয় যে তেওঁলোকে ইয়াৰ যত্ন লৈ আছে।”
ইউটিউবৰ ভিডিঅ’ চাই বিপদশঙ্কুলভাৱে সন্তান প্ৰসৱৰ চেষ্টা কৰা দম্পত্তিহালৰ ঘটনাই এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
