ষ্টাফৰিপৰ্টাৰ, গুৱাহাটীৰ পৰা প্ৰকাশিত ই-আলোচনী ‘অসমীয়া প্ৰিয়দৰ্শিনী’ ৰ প্ৰস্তাবনা সংখ্যা শুকুৰবাৰে অগ্ৰদূত গোষ্ঠীৰ কাৰ্যালয়ত উন্মোচন কৰা হয়। অগ্ৰদূত কাকত খনৰ মুখ্য সম্পাদক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কনক সেন ডেকাই আলোচনীখন উন্মোচন কৰি এই আলোচনীখনৰ সৈতে জড়িত লোকসকলক শুভেচ্ছা জনায় লগতে এই আলোচনী খন জীয়াই ৰাখিবলৈ পৰামৰ্শ দিয়ে। এই আলোচনীখন সম্পাদনা কৰি উলিয়াইছে উজ্জল জ্যোতি দাসে। আলোচনী খনৰ প্ৰকাশক বিচিত্ৰ শইকীয়া। উল্লেখ্য আলোচনীখন পঢ়ুৱৈ সকলে www.axomiya priyadarshini.in ত পঢ়িবলৈ পাব বুলি সম্পাদক উজ্জল জ্যোতি দাসে জনাইছে।
Latest article
আৰণ্যকৰ ওৰাঙৰ পৰা ৰাইমনালৈ “ৰাইড্… ফৰ্… কনজাৰভেশ্যন” চাইকেল ৰেলী
দেশৰ অন্যতম অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকৰ ৩৫ বছৰীয়া জয়ন্তী উদযাপনৰ অংশ হিচাপে আৰু প্ৰকৃতি সংৰক্ষণৰ প্ৰচেষ্টাত সাধাৰণ ৰাইজৰ অংশগ্ৰহণৰ নিশ্চিত কৰাৰ বাৰ্তা...
ষ্টাৰ্টআপ মহাকুম্ভ ২০২৫ত চৰ্চিত এনইএছএফবি, ফিনটেক ক্ষেত্ৰখনত অসমৰ উত্থানৰ প্ৰদৰ্শন
অসমৰ প্ৰথম ইউনিকৰ্ণ আৰু ভাৰতৰ অগ্ৰণী ফিনটেক চালিত বেংক নৰ্থ-ইষ্ট স্মল ফাইনেঞ্চ বেংক(এনইএছএফবি)-এ ৩-৫ এপ্ৰিলৰ পৰা নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত ষ্টাৰ্টআপ মহাকুম্ভ ২০২৫ত...
ব্ৰিটানিয়া নিউট্ৰি চইছে নিউট্ৰি প্লাছ এপ মুকলিৰে নতুন মাত্ৰা প্ৰদান কৰিলে ডিজিটেল সুস্থতাক
ভাৰতৰ অন্যতম আগশাৰীৰ বিস্কুট ব্ৰেণ্ড নিউট্ৰিচ’ইছে "নিউট্ৰিপ্লাছ" মুকলি কৰি দৈনন্দিন সুস্থতা সৰল কৰাৰ প্ৰতিশ্ৰুতিৰ সম্প্ৰসাৰণ কৰিলে, যি হৈছে এটা মোবাইল এপ, যিয়ে ভাৰতত সুস্থতা...