ষ্টাফৰিপোৰ্টাৰ, ১৮ এপ্ৰিল :: আৰ্য্যবিদ্যাপীঠ মহাবিদ্যালয়ৰ সমূহ অৱসৰ প্ৰাপ্ত শিক্ষক-শিক্ষয়ীত্ৰিৰ উদ্যোগত “অসম আৰোগ্য নিধিলৈ” ১,২০, ০০০ টকা চেক যোগে আগবঢ়ায়। মহাবিদ্যালয় খনৰ সমূহ অৱসৰ প্ৰাপ্ত শিক্ষক-শিক্ষয়ীত্ৰি সকলে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ হাতত এই ধনৰাশি চেকযোগে প্ৰেৰণ কৰে। দেশৰ এই দুৰ্যোগৰ সময়ত ৰাজ্য চৰকাৰক আৰ্থিক দিশত কিছু সকাহ দিয়াৰ বাবে মহাবিদ্যালয় খনৰ সমূহ অৱসৰ প্ৰাপ্ত শিক্ষক-শিক্ষয়ীত্ৰি সকলে এই পদক্ষেপ গ্ৰহণ কৰে বুলি এক বিবৃতি যোগে আৰ্য্য বিদ্যাপীঠ কলেজৰ এছ’চিয়েছন অৱ ৰিটায়াৰ টিচাৰ্চৰ সভাপতি ডঃ দেৱব্ৰত ঘোষ আৰু সম্পাদক ডঃ নীলিমা গোস্বামীয়ে এক বিবৃতি যোগে জনায়।