অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে (এপিডিচিএল) শনিবাৰে বিশ্ব বন্যপ্ৰাণী পুঁজি – ভাৰতৰ সমৰ্থনত নিশা ৮:৩০ বজাৰ পৰা নিশা ৯:৩০ বজালৈ লাইট অফ কৰি (আটাইতকৈ প্ৰয়োজনীয় লাইট সংৰক্ষণ) কৰি ২৬ মাৰ্চ, ২০২২ তাৰিখে “আৰ্থ আৱাৰ”ত অংশগ্ৰহণ কৰিবলৈ অসমৰ জনসাধাৰণক আহ্বান জনায়।
মন কৰিব লগীয়া যে আৰ্থ আৱাৰ হৈছে পৃথিৱীৰ অন্যতম মুখ্য পৰিৱেশ আন্দোলন।
বিগত বছৰবোৰত, আৰ্থ আৱাৰে পৰিৱেশ সুৰক্ষা আৰু সংৰক্ষণৰ বাৰ্তা টো ঘণ্টাৰ পিছতো বিকশিত আৰু সম্প্ৰসাৰিত কৰিছে। এইটো একমাত্ৰ গোলকীয় আন্দোলন যিয়ে মানুহক এক উমৈহতীয়া উদ্দেশ্য আৰু অভিযানৰ বাবে একত্ৰিত কৰে।
এক টুইটযোগে এপিডিচিএল-এ লিখিছে, “এপিডিচিএল-এ ডব্লিউডব্লিউএফ- ইণ্ডিয়াৰ সমৰ্থন হিচাপে নিশা ৮-৩০ বজাৰ পৰা নিশা ৯-৩০ বজালৈ লাইট বন্ধ কৰি ২৬ মাৰ্চ, ২০২২, শনিবাৰে “আৰ্থ আৱাৰ” পালন কৰিবলৈ অসমৰ জনসাধাৰণক অনুৰোধ জনাইছে।
