নগাঁওঃ অসম আৰক্ষীয়ে নগাঁও জিলাত তিনিজন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে এটা ৭.৬৫ এমএম পিষ্টল আৰু ব্ৰাউন চুগাৰ উদ্ধাৰ কৰে।
আৰক্ষীয়ে জনোৱা মতে, গোপন তথ্যৰ ভিত্তিত মঙলবাৰে নিশা মহখুলি অঞ্চলৰ ৰজত আলী ওৰফে মুন্না নামৰ ৱাণ্টেড ড্ৰাগছ মাফিয়াৰ ঘৰত নগাঁও সদৰ থানাৰ আৰক্ষীৰ এটা দলে ড্ৰাগছ বিৰোধী অভিযান আৰম্ভ কৰে।
নগাঁও সদৰ থানাৰ আৰক্ষী উপ-পৰিদৰ্শক জুনমনি ৰাভাই জনোৱা মতে, অভিযানৰ সময়ত আৰক্ষীৰ দলটোৱে ঘৰৰ পৰা তিনি জাঁই গুলীসহ এটা ৭.৬৫ এমএম পিষ্টল, আৰু ১২.৮০ গ্ৰাম ব্ৰাউন চুগাৰ উদ্ধাৰ কৰে।
জোনমনি ৰাভাই কয় যে, “আৰক্ষী দলৰ ওচৰ পোৱাৰ পূৰ্বেই ড্ৰাগছ মাফিয়াই পলায়ন কৰে। আমি মাতৃ, আৰু ড্ৰাগছ মাফিয়াৰ ভগ্নীকে ধৰি তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছো।”
ধৃত লোককেইজন হৈছে ফৰিদা বেগম, ৰুবিনা বেগম আৰু ইক্ৰামুল হক।
ইফালে নগাঁও সদৰ থানাত ৰুজু হৈছে এক গোচৰ।
