ষ্টাফ ৰিপ’ৰ্টাৰ: সমগ্ৰ দেশৰ লগতে অসমতো কোৰোনা ভাইৰাছে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। প্ৰতি মুহূৰ্তত বৃদ্ধি পাইছে কোৰোনা ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা। এনে ক্ষেত্ৰত সৰ্বসাধাৰণ ৰাইজৰ সুৰক্ষাৰ দায়িত্বত নিয়োজিত আৰক্ষী সকলৰ জীৱনলৈও নামি আহিছে শংকা। এনে পৰিপ্ৰেক্ষিতত কোৰোনা বিৰোধী যুঁজত সহযোগিতা আগবঢ়োৱাৰ উদ্দেশ্যে খুচী এণ্টাৰপ্ৰাইজে মহানগৰীৰ আৰক্ষী বিষয়া,কণিষ্টবলৰ মাজত পি পি ই কিট বিতৰণ কৰে। খুচী এণ্টাৰপ্ৰাইজৰ মুৰব্বী অজয় বাৰ্মাই দেওবাৰে পাণবজাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হেমেন দাসক পি পি ই কিটসমূহ বিতৰণ কৰে। পি পি কিট সমূহৰ ভিতৰত আছিল সৰ্বশৰীৰ ঢাকিব পৰা সুৰক্ষিত পোচাক, মাস্ক ,হেণ্ডগ্লোবচ, মূৰৰ আৱৰণ, চচমাকে ধৰি বিভিন্ন সামগ্রী। এই সন্দৰ্ভত খুচী এণ্টাৰপ্ৰাইজৰ মুৰব্বী অজয় বাৰ্মাই কয়”-আৰক্ষী সকলে সৰ্বসাধাৰণ ৰাইজৰ সুৰক্ষাৰ দায়িত্বত নিয়োজিত হৈ থাকে। কোৰোনাৰ পৰা যাতে তেওঁলোক সুৰক্ষিত হৈ থাকে তাৰ বাবে অধিক সতৰ্ক হোৱাৰ প্ৰয়োজন আছে”। উল্লেখযোগ্য যে, অজয় বাৰ্মাৰ প্ৰয়াত পিতৃ লালচান্দ বাৰ্মাৰ সোঁৱৰণত আজি এই পি পি ই কিটসমূহ বিতৰণ কৰা হয়।