আৰক্ষীৰ নিৰ্যাতনৰ বাবেই আত্মহনন কৰা দিপাকংৰ গগৈৰ মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা মুখ্যমন্ত্ৰীৰ

294

আৰক্ষীৰ নিৰ্যাতনৰ বাবে আত্মহত্যাৰ পথ বাছি ল’বলৈ বাধ্য হোৱা বুলি অভিযোগ উত্থাপন হোৱা দিপাংকৰ গগৈৰ মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

উল্লেখ্য যে, যোৰহাট জিলাৰ বিৰিণাশায়েক গাঁৱৰ নিৱাসী ২৪ বৰ্ষীয় যুৱকজনক আলফাৰ গ্ৰেণেড বিস্ফোৰণৰ সৈতে জড়িত থকাৰ সন্দেহ কৰি আৰক্ষীয়ে মানসিক আৰু শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছিল।

যুৱকজনে এনে কাৰণতে আত্মহত্যা কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ। যাৰ ফলস্বৰূপে অৱশেষত দিপাংকৰৰ মৃত্যুৰ তদন্ত ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে।

বুধবাৰে এক্সত শৰ্মাই লিখিছে, ‘অসম চৰকাৰে ২৬/১২ তাৰিখে তিতাবৰৰ গাৰিকুৰি বিৰিণাশায়েক গাওঁৰ খগেন গগৈৰ পুত্র দিপাংকৰ গগৈৰ মৃত্যুৰ সন্দর্ভত অতিৰিক্ত মুখ্য সচিব পর্যায়ৰ তদন্ত আৰম্ভ কৰিব৷ ৩০ দিনৰ ভিতৰত তদন্ত সমাপ্ত হ’ব।”