ৰাজ্যত পুনৰ আৰক্ষীৰ এনকাউণ্টাৰ।
এইবাৰ আৰক্ষীৰ গুলীত নিহত ৰঞ্জিত বৰা হত্যাকাণ্ডৰ মূল অভিযুক্ত শ্বাহ আলম।
নিশা সোণাপুৰত আৰক্ষীৰ গুলীত নিহত হয় দুৰ্ধৰ্ষ অপৰাধীটো।
বুকুত দুটাকৈ গুলী লাগে অপৰাধীটোৰ।
উল্লেখ্য যে, হেণ্ডকাফসহ আৰক্ষীৰ জিম্মাৰ পৰা পলাইছিল দুৰ্ধৰ্ষ অপৰাধী শ্বাহ আলম।
বৰ্তমান GMCHৰ মৰ্গত আছে শ্বাহ আলমৰ মৃতদেহ।
বৃহস্পতিবাৰে নিশা সাতগাঁও আৰক্ষীৰ জিম্মাৰ পৰা হেণ্ডকাফসহ পলায়ন কৰিছিল শ্বাহ আলমে।
