আৰক্ষী জিম্মাৰ পৰা পলায়নৰ চেষ্টা চলাই গুলীবিদ্ধ ধৰ্ষণকাৰী ছৈয়দ আলী

74

আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা চলাই গুলীবিদ্ধ হৈছে মৰিগাঁও ধৰ্ষণ কাণ্ডৰ দোষী ছৈয়দ আলী ওৰফে পাঠা। উল্লেখ্য যে, যোৱা ২০ জুনত মৰিগাঁওৰ বালিদোঙাৰ এটি ৯ বছৰীয়া কন্যা শিশুক বলাৎকাৰ কৰি হত্যা কৰিছিল ছৈয়দ আলী ওৰফে পাঠা নামৰ পাষণ্ড লোকজনে।

আৰক্ষীয়ে তদন্ত চলাই দোষীক গ্ৰেপ্তাৰ কৰে পৰৱৰ্তী সময়ত। ইফালে শুকুৰবাৰে তদন্তৰ বাবে আৰক্ষীয়ে পাষণ্ডজনক লৈ ঘটনাস্থলীলৈ যায় যদিও বাটতে ছেগ বুজি আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা চলায় পাষণ্ডজনে। যাৰ পৰিণতিত আৰক্ষীয়ে চলোৱা গুলীত আহত হয় দোষীজন। পিছত আৰক্ষীয়ে চিকিৎসাৰ বাবে পাষণ্ডজনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ লৈ আনে।