বলীউড অভিনেতা চনু সুদে তেওঁৰ বাসগৃহত আয়কৰ বিভাগৰ অভিযানৰ পিছত প্ৰথমবাৰৰ বাবে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। এটা টুইটত তেওঁ নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি লিখিছে, “কঠিন পথতো যাত্ৰা সহজ যেন লাগে, প্ৰতিজন ভাৰতীয়ৰ আশীৰ্বাদ মোৰ লগত আছে।” এই টুইটৰ সৈতে তেওঁ ‘হাৰ্ট”ৰ ইমোজিও শ্বেয়াৰ কৰিছে আৰু ইংৰাজীত লিখিছে, “আপুনি সদায় আপোনাৰ পক্ষ ৰখাৰ প্ৰয়োজন নাই, সময়ে সকলো কথা এদিন প্ৰমাণ কৰিব।” তেওঁ লগতে লিখিছে, ‘মই মোৰ সকলো সামৰ্থ্য আৰু হৃদয়েৰে দেশৰ জনসাধাৰণৰ সেৱা কৰাৰ প্ৰতিশ্ৰুতি দিছো। আমাৰ ফাউন্ডেচনৰ প্রতিটো টকাই কাৰোবাৰ জীৱন ৰক্ষাৰ বাবে অপেক্ষা কৰি আছে।’ তাৎপর্যপূৰ্ণভাবে, আয়কৰ বিভাগৰ দলে মুম্বাইৰ চনু সুদৰ গৃহ তথা অফিচত অভিযান চলাইছিল। তদুপৰি অভিনেতাজনৰ অন্য প্ৰান্তত থকা মুঠ ৬টা স্থানটো তালাচী অভিযান চলোৱা হৈছিল।
ইফালে, আম আদমী পাৰ্টি আৰু শিৱসেনাই চনুৰ বিৰুদ্ধে আয়কৰ বিভাগৰ পদক্ষেপক তীব্ৰ সমালোচনা কৰে। উল্লেখ্য যে, ৪৮ বছৰীয়া চনু সুদে কোৰোনা মহামাৰীৰ সময়ত সাধাৰণ লোকসকলক সহায় কৰি যথেষ্ট প্ৰশংসা লাভ কৰিছিল। চনুৱে অলপতে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক লগ কৰিছিল। তেওঁ দিল্লী চৰকাৰৰ দেশৰ পৰামৰ্শদাতা কাৰ্যসূচীৰ ব্ৰেণ্ড এম্বেচেডৰও হৈছিল। চনুৰ টুইটসন্দৰ্ভত মন্তব্য কৰি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে লিখিছে, ‘আপুনি অধিক শক্তি লাভ কৰিছে চনুজী, আপুনি লাখ লাখ ভাৰতীয়ৰ নায়ক।’
আনহাতে, কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ পৰিষদে (চিবিডিটি) কৈছে যে চনুৰ বিৰুদ্ধে ২০ কোটি টকাৰ অধিক মূল্যৰ কৰ ফাঁকিৰ গোচৰ ৰুজু কৰা হৈছে। চিবিডিটিয়ে কৈছে যে অভিনেতা আৰু তেওঁৰ সহযোগীসকলৰ চৌহদত তালাচীৰ সময়ত কৰ ফাঁকি সম্পৰ্কীয় আপত্তিজনক প্ৰমাণ পোৱা গৈছে। চিবিডিটিৰ অভিযোগ অনুসৰি অভিনেতাজনে ভুৱা আৰু অসুৰক্ষিত ঋণ হিচাপে ভুৱা প্ৰতিষ্ঠানৰ পৰা হিচাপ বিহীন ধন জমা কৰিছিল৷ তেওঁ এফচিআৰএ আইন উলংঘা কৰি বিদেশী দাতাৰ পৰা ক্ৰাউডফাণ্ডিং প্লেটফৰ্ম ব্যৱহাৰ কৰি ২.১ কোটি টকা সংগ্ৰহ কৰা বুলিও দাবী কৰে চৰকাৰী সংস্থাটোৱে।