আহোম জাতিৰ সন্মান হানি হোৱাৰ লগতে আহোম জাতিক হেয় প্ৰতিপন্ন কৰা কথাত ক্ষুন্নহৈ এজাহাৰ দাখিল

219

সমগ্ৰ আহোম জাতিৰ সন্মান হানি হোৱাৰ লগতে আহোম জাতিক হেয় প্ৰতিপন্ন কৰা কথাত ক্ষুন্ন হৈ এজাহাৰ দাখিল কৰিলে লক্ষীমপুৰ জিলা যুৱ কংগ্ৰেছে।

ভাৰতীয় জনতা মহিলা মৰ্চা অসম প্ৰদেশৰ সভানেত্ৰী আংগুৰ লতা ডেকা আৰু সংখ্যালঘু মৰ্চাৰ নেতৃত্বত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মক কোনো ব্যক্তিয়ে সন্মানসুচক মন্তব্য কৰাৰ প্ৰতিবাদত এক শোভাযাত্ৰা বাহিৰ কৰিছিল যোৱা ২৯ জুলাইত।

কিন্তুু সেই প্ৰতিবাদী শোভাযাত্ৰাত আহোম জাতিক উদ্দেশ্য আহোম জাতি মুৰ্দাবাদ বুলি আপত্তিজনক মন্তব্য কৰি আহোম জাতিৰ সন্মান হানি হোৱাৰ লগতে আহোম জাতিক হেয় প্ৰতিপন্ন কৰাৰ এক ষড়যন্ত্ৰৰ প্ৰতিবাদত লখিমপুৰ জিলা যুৱ কংগ্ৰেছীয়ে শোভাযাত্ৰাত নেতৃত্ব দিয়া আংগুৰ লতা ডেকাৰ বিৰুদ্ধে লখিমপুৰ সদৰ আৰক্ষী থানাত এক গোছৰ ৰোজো কৰে।

লগতে BJP মহিলা মৰ্চা আৰু সংখ্যালঘু মৰ্চাৰ অসম প্ৰদেশৰ উক্ত শোভাযাত্ৰাত অংশগ্ৰহন কৰা সদস্যসকল তথা বিজেপি নেতা শ্যামল শইকীয়া,বিজেপি দলৰ মূখপাত্ৰ জুৰি শম্মা বৰদলৈ,প্ৰমীলা ৰাণী দাস বড়োৰ বিৰুদ্ৰেও গোচৰ তৰে।

লালুকত সদৌ তাই আহোম ছাত্ৰ সন্থাৰ লালুক – নাওবৈছা আঞ্চলিক সসিতিয়ে লালুক আৰক্ষী থানাতো গোচৰ তৰাৰ লগতে প্ৰতিমূৰ্তি দাস কৰে।