যোৱা কেইদিনমানৰ পৰা অবিৰত বৰষুণৰ ফলত গহপুৰ অঞ্চলত প্ৰবল বানপানীৰ সৃষ্টি হৈছে। ছেছা নদীৰ পানীয়ে কলাবাৰী গাঁও পঞ্চায়ত ব্লকৰ অন্তর্গত কেইবাখনো গাঁও প্লাৱিত কৰিছে৷ বিষ্ণুপুৰ, নবপুৰ, কমলৌগুৰি আদি গাঁওসমূহ সম্প্ৰতি প্ৰচণ্ড বানৰ সন্মুখীন হৈছে। সমান্তৰালকৈ কমলৌগুৰি প্ৰাথমিক বিদ্যালয়খনো বানপানীত বুৰ যোৱাত শিক্ষা বন্ধ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়।
ইফালে যোৱা নিশাৰ পৰা অবিৰত বৰষুণৰ ফলত অঞ্চলটোৰ কেইবাখনো গাঁও পানীত বুৰ গৈছে৷ নদীৰ কাষৰ ক্ষতিগ্ৰস্ত মথাউৰিৰ ওপৰেৰে চেছা নদীৰ উত্তাল পানী বৈ যোৱাৰ ফলত অঞ্চলটোত প্ৰচণ্ড বানপানীৰ সৃষ্টি হৈছে। উল্লেখযোগ্য যে কলাবাৰী গাঁও পঞ্চায়ত ব্লকটো গহপুৰৰ বিধায়ক উৎপল বৰাৰ গৃহ পঞ্চায়তও। কিন্তু ইয়াৰ পিছতো কলাবাৰী পঞ্চায়ত ব্লকৰ গাঁওবাসীৰ বছৰেকীয়া বান চক্ৰৰ পৰা কোনো ৰেহাই পোৱা নাই।
বিগত কিছুদিন ধৰি হোৱা ধাৰাসাৰ বৰষুণৰ ফলত অসমৰ কেইবাটাও স্থানত বানপানীৰ সৃষ্টি হৈছে। কালি আই এম ডিয়ে অসম আৰু মেঘালয়ৰ বাবে ৪৮ ঘণ্টাৰ বাবে অৰেঞ্জ এলাৰ্ট জাৰি কৰিছিল। গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই অসমৰ কেইখনমান জিলাৰ বাবে অৰেঞ্জ এলাৰ্ট সতৰ্কবাণী জাৰি কৰাৰ লগতে বিচ্ছিন্ন প্ৰচণ্ডৰ পৰা অতি প্ৰচণ্ড বৰষুণৰ সৈতে বেছিভাগ ঠাইতে লঘুৰ পৰা মধ্যমীয়া বৰষুণৰ ভৱিষ্যদ্বাণী কৰে। ইয়াৰ বাবেই কাইলৈলৈকে বৰষুণৰ সময়সীমা অন্ততঃ অব্যাহত থকাৰ সম্ভাৱনা আছে।
