আসাম পাব্লিক ৱৰ্কছৰ গুৱাহাটীৰ বিশিষ্ট সমাজকৰ্মী ৰাজেন চন্দ্ৰ মেধিৰ আৰ্থিক সাহায্যত দুখীয়া পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ

126

ষ্টাফৰিপোৰ্টাৰ, ৪ এপ্ৰিল :: আসাম পাব্লিক ৱৰ্কছে গুৱাহাটীৰ বিশিষ্ট সমাজকৰ্মী ৰাজেন চন্দ্ৰ মেধিৰ আৰ্থিক সাহায্যত শনিবাৰে গুৱাহাটী মহানগৰীৰ প্ৰায় ৮০০ দৰিদ্ৰ পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰা হয়। আসাম পাব্লিক ৱর্কছৰ সভাপতি আভিজিৎ শর্মা আৰু সাধাৰণ সম্পাদক
ধ্রুৱজ্যোতি তালুকদাৰে এক বিবৃতি যোগে কয় “বিশিষ্ট সমাজকৰ্মী ৰাজেন চন্দ্ৰ মেধিক আমি ধন্যবাদ জনালোঁ। লগতে কোনো সহৃদয়বান লোক যদি এই সংকটৰ সময়ত আগুৱাই আহি সহায় কৰে আমি আৰু অধিক দৰিদ্ৰ লোকক সহায় কৰাৰ সুযোগ পাম।”