গুৱাহাটীঃ দীৰ্ঘদিনীয়া অসুস্থতাৰ পৰিপ্ৰেক্ষিতত দেওবাৰে ম্যানমাৰৰ শিৱিৰত আলফা স্বাধীনৰ এজন নতুনকৈ নিযুক্তি পোৱা কেডাৰৰ মৃত্যু হয়।
নিহত কেডাৰজনৰ নাম যুগল শৰ্মা ওৰফে প্ৰাইভেট অসম আছিল বুলি জানিব পৰা গৈছে।
আলফাৰ এক বিবৃত্তিত প্ৰকাশ কৰা মতে, দেওবাৰে পুৱা ৫.৪৫ বজাত চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটে কেডাৰ জনৰ।
৩০ বছৰীয়া যুগল গুৱাহাটীৰ নূনমাটি অঞ্চলৰ বাসিন্দা আছিল। খবৰ অনুসৰি যোৱা বছৰৰ মাৰ্চ মাহত যুগলে আলফা স্বাধীনত যোগদান কৰিছিল।
আলফা স্বাধীন অসমৰ বাবে সংগঠনটোৱে নেতৃত্ব দিয়া সংগ্ৰামত তেওঁৰ অৱদানৰ বাবে যুগল শৰ্মাক ‘অমৰ মৃতক’ (শ্বহীদ) হিচাপে ঘোষণা কৰিছে।
