আলফা স্বাধীনৰ শিৱিৰৰ পৰা পলায়ন ৪ কেডাৰৰ

123

ম্যানমাৰৰ শিবিৰৰ পৰা নিষিদ্ধ সংগঠন আলফা স্বাধীনৰ মুঠ চাৰিজন কেডাৰ পলায়ন কৰা বুলি জানিব পৰা গৈছে।

সূত্ৰই জনোৱা মতে, বৃহস্পতিবাৰে কেডাৰ কেইজনে শিবিৰৰ পৰা পলায়ন কৰিছিল আৰু তাৰ পিছৰ পৰা পলাতক হৈ আছে।

পলায়ন কৰা কেডাৰ দুজনৰ নাম মাধৱ আসম আৰু গিৰীশ আছম বুলি জানিব পৰা গৈছে। তেওঁলোকৰ অৱস্থান এতিয়াও জানিব পৰা হোৱা নাই।

অধিক বিৱৰণৰ বাবে অপেক্ষা কৰা হৈছে।

যোৱা মাহৰ আৰম্ভণিতে নিষিদ্ধ সংগঠনটোৰ শিবিৰৰ পৰা পলায়ন কৰা ৬জন কেডাৰৰ দুজনে পৰৱৰ্তী সময়ত অৰুণাচল প্ৰদেশৰ আছাম ৰাইফলছৰ ওচৰত আত্মসমৰ্পণ কৰিছিল।

মন কৰিবলগীয়া যে ৩১ আগষ্টত শিবিৰৰ পৰা পলায়নৰ চেষ্টা কৰাৰ অপৰাধত আলফাই এজন কেডাৰক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছিল।