আলফা-স্বাধীনৰ জ্যেষ্ঠ কেডাৰৰ বাসগৃহত আৰক্ষীৰ গুলীচালনাৰ অভিযোগ…

351

বুধবাৰে তিনিচুকীয়া জিলাৰ শদিয়াত নিষিদ্ধ উগ্ৰপন্থী সংগঠন আলফা স্বাধীনৰ এজন জ্যেষ্ঠ কেডাৰৰ বাসগৃহত আৰক্ষীয়ে গুলীচালনা সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে।

আলফা স্বাধীনৰ জ্যেষ্ঠ কেডাৰ আইচেং অসমৰ এজন আত্মীয়ই দাবী কৰা মতে, শদিয়া আৰক্ষীৰ এটা দলে তেওঁৰ বাসগৃহলৈ আহি তেওঁৰ গাড়ী চুচূৰ্মৈ কৰি গুলীচালনা কৰে।

আলফাৰ কেডাৰ আইচেং অসমৰ বিষয়ে সোধা-পোছা কৰি এইদৰে আৰক্ষীয়ে গুলীচালনা সংঘটিত কৰি আতংকৰ পৰিৱেশৰ সৃষ্টি কৰাৰ অভিযোগ উত্থাপন কৰে আত্মীয়ই।

অৱশ্যে স্থানীয় আৰক্ষীয়ে এই অভিযোগ অস্বীকাৰ কৰিছে।