আলফা স্বাধীনৰ জিম্মাত সুকলমে আছে অপহৃত ৰিতুল শইকীয়াঃ জনালে সেনাধ্যক্ষ পৰেশ বৰুৱাই

104

২১ এপ্ৰিলত লাকুৱাৰ পৰা অপহৰণ কৰা অএনজিচিৰ কৰ্মচাৰী ৰিতুল শইকীয়া বৰ্তমান আলফা স্বাধীনৰ জিম্মাত নিৰাপদে আৰু সুস্থ শৰীৰে আছে। এই কথা জনাইছে আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই। সংবাদ মাধ্যমক ফোনযোগে ৰিতুল শইকীয়াৰ সম্পৰ্কে অৱগত কৰে পৰেশ বৰুৱাই। ৰিতুলৰ পত্নী তথা পৰিয়ালক চিন্তা নকৰিবলৈও আহ্বান জনায় আলফাৰ সেনাধ্যক্ষগৰাকীয়ে।

আনহাতে অ’এনজিচিৰ সৈতে আলোচনা মৰ্মে ৰিতুল শইকীয়াক শীঘ্ৰে মুক্তি প্ৰদান কৰা হব বুলিও জানিবলৈ দিয়ে পৰেশ বৰুৱাই। তেওঁ কয় যে, মুক্তি দিয়াটো এশ শতাংশ নিশ্চিত। কোভিড চলি আছে। কিছুমান ঠাইত লক্‌ডাউন চলি আছে। সকলো কথা চালিজাৰি চাই মুক্তি দিয়া হ’ব। অসম আৰক্ষী, আসাম ৰাইফল, সেনা বাহিনীৰ মুৰব্বীসকলে অপহৃতক উদ্ধাৰ কৰিব পাৰিম বুলি চিঞৰি থকাৰ বাবে আলফা(স্বা)এ ইমান দিনে কোনো মন্তব্য কৰা নাছিল বুলি উল্লেখ কৰে বৰুৱাই।