জণ্ডিছ ৰোগে ভয়াবহ ৰূপ ধাৰণ কৰিছে আমিনগাঁৱত।
চলিত মাহত জণ্ডিছ ৰোগত আক্ৰান্ত হৈ চাৰিজন লোকৰ মৃত্যু হোৱাৰ লগতে বহুকেইজন লোক চিকিৎসাধীন হৈ আছে।
৪০১জন লোকৰ পৰীক্ষাত ৬১ গৰাকীৰ হেপেটাইটিছ এ ধৰা পৰিছে।
ইয়াৰে ৬জন চিকিৎসাধীন অৱস্থাত আছে। এজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।
আজি পুৱাই আমিনগাঁৱত উপস্থিত হৈ আক্ৰান্ত লোকসকলৰ স্বাস্থ্যৰ বুজ লয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ সৈতে আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰীগৰাকী।
ৰে’ল আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সৈতেও আলোচনাত বহে মুখ্যমন্ত্ৰী ড০ শৰ্মা।
মৃত লোকসকলৰ পৰিয়ালক সহায়ৰ আশ্বাস প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে।
কাইলৈ আমিনগাঁৱলৈ যাব GMCHৰ চিকিৎসকৰ দল।
এই সমস্যাৰ বাবে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে।
