আমাৰ বন্ধুত্বৰ বিৰুদ্ধে আছিল তাইৰ মাক-ভায়েকঃ হাথৰস কাণ্ডৰ মূল অভিযুক্তৰ চিঠি

112

ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ হাথৰস কাণ্ডক লৈ সমগ্ৰ দেশ উত্তাল হৈ আছে। ২৯ ছেপ্তেম্বৰত দিল্লীৰ ছফদৰজং হাস্পতালত মৃত্যু ঘটা বলাৎকাৰৰ বলি হোৱা যুৱতীগৰাকীয়ে মৃত্যুৰ পূৰ্বে দিয়া ভাষ্যৰ ভিত্তিত ইতিমধ্যে আৰক্ষীয়ে সন্দীপ, ৰামু, লৱকুশ আৰু ৰবি নামৰ ৪ অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। কিন্তু ঘটনাৰ তদন্ত যিমানেই আগবাঢ়িছে সিমানেই ন ন তথ্য পোহৰলৈ আহিছে।

উল্লেখ্য যে, যোৱা ১৪ ছেপ্তেম্বৰত দলবদ্ধ বলাৎকাৰৰ বলি হৈছিল মণীষা বাল্মিকী নামৰ ১৯ বছৰীয়া যুৱতীগৰাকী। যুৱতীগৰাকীৰ ৰাজহাড় ভাঙি পেলোৱা হৈছিল আৰু জিভা কাটি পেলোৱা হৈছিল। তেনে মুমূৰ্ষ অৱস্থাত হাস্পতালত ভৰ্তি কৰা হয় যদিও ২৯ ছেপ্তেম্বৰত নিৰ্যাতিতাৰ মৃত্যু ঘটে। ইফালে এই জঘন্য কাণ্ডৰ মূল অভিযুক্ত সন্দীপ ঠাকুৰে উত্তৰ প্ৰদেশ আৰক্ষীলৈ কাৰাগাৰৰ ভিতৰৰ পৰা পত্ৰ লিখি নিজকে নিৰ্দোষী বুলি দাবী কৰে। নিৰ্যাতিতাৰ মাতৃ আৰু ভাতৃয়ে চাৰিওজন অভিযুক্তক ষড়যন্ত্ৰমূলকভাৱে ফচাব বিচৰা বুলিও উল্লেখ কৰে পত্ৰখন।

আৰক্ষীলৈ লিখা পত্ৰখনত সন্দীপ ঠাকুৰে লিখিছে যে চাৰিও অভিযুক্ত মণীষা বাল্মিকীৰ বন্ধু আছিল। সিঁহতে মাজে মাজে লগ কৰাৰ উপৰিও কেতিয়াবা ফোনতো কথা পাতিছিল। কিন্তু যুৱতীগৰাকীৰ পৰিয়ালে সিঁহতৰ বন্ধুত্ব পচন্দ কৰা নাছিল। ১৪ ছেপ্তেম্বৰৰ দিনটোৰ কথা বিৱৰী অভিযুক্ত সন্দীপ ঠাকুৰে পত্ৰত লিখিছে, ‘ঘটনা সংঘটিত হোৱাৰ দিনা মই খেতি পথাৰত তাইক লগ কৰিবলৈ গৈছিলো, য’ত তাইৰ মাক আৰু ভায়েকো আছিল। তাই মোক ঘৰলৈ যাবলৈ কোৱাত মই গুচি যাও আৰু জন্তুক খাদ্য দিবলৈ ধৰো। পিছত মই গাঁওবাসীৰ পৰা জানিব পাৰিলো যে তাইৰ মাক আৰু ভায়েকে আমাৰ বন্ধুত্বৰ বাবে তাইক বৰ বেয়াকৈ প্ৰহাৰ কৰি আঘাতপ্ৰাপ্ত কৰিছিল। মই কেতিয়াও তাইক প্ৰহাৰ কৰা নাছিলো, না কেতিয়াবা তাইৰ সৈতে কিবা বেয়া কৰিছিলো। তাইৰ পৰিয়ালে মোৰ আৰু অন্য তিনিজনৰ ওপৰত অভিযোগ তুলি আমাক জেললৈ প্ৰেৰণ কৰিলে। আমি সকলো নিৰ্দোষী। আমি বিচাৰো ইয়াৰ তদন্ত হওক আৰু আমাক ন্যায় প্ৰদান কৰা হওঁক।’

উল্লেখ্য যে, হাস্পতালত মৃত্যু ঘটা নিৰ্যাতিতা যুৱতীগৰাকীৰ মৃতদেহ নিশাই আৰক্ষীয়ে সৎকাৰ কৰাক লৈও দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। নিৰ্যাতিতাৰ পৰিয়ালৰ অভিযোগ অনুসৰি তেওঁলোকক ঘৰৰ ভিতৰত আবদ্ধ কৰি ৰাখিছিল যোগী প্ৰশাসনে।