আমাৰ আলহী’ হোমষ্টে আঁচনিৰ লক্ষ্য হৈছে পৰ্যটনক আকৰ্ষণ কৰা, প্ৰাকৃতিক আৰু সাংস্কৃতিক ঐতিহ্য সুৰক্ষিত কৰা আৰু পর্যটন বিভাগৰ উন্নয়ন সাধন কৰা৷ উল্লেখযোগ্য যে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই মহানগৰীৰ এখন বৈঠকত অংশগ্ৰহণ কৰি উল্লেখ কৰে এই কথা৷ এই আঁচনিখনৰ প্ৰয়োজনীয়তাৰ লগতে আন বহু দিশৰ ওপৰত আলোচনা কৰা হয়৷ এই আঁচনিৰ দ্বাৰা ৰাজ্যৰ পৰ্যটন বিভাক বিকাশৰ দিশত আগবাঢ়ি যাব বুলিও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে৷
