আফ্ৰিকান ছোৱাইন ফিভাৰৰ আতংক! শিৱসাগৰ আৰু তিনিচুকীয়াত নিষিদ্ধ গাহৰি মাংস

394

ৰাজ্যত ভয়াবহ হাৰত বৃদ্ধি পোৱা আফ্ৰিকান ছোৱাইন ফিভাৰৰ আতংকৰ পৰিপ্ৰেক্ষিতত তিনিচুকীয়া আৰু শিৱসাগৰ জিলাত নিষিদ্ধ কৰা হৈছে গাহৰি মাংস। মঙলবাৰে এই কথা জনায় কৃষি মন্ত্ৰী অতুল বৰাই।

মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়া মতে, ইতিমধ্যে ৰাজ্যৰ ২২ খন জিলালৈ বিয়পি পৰিছে এই ভাইৰাছ। লকডাউনৰ পিছত এই ভাইৰাছ অধিক সংক্ৰমিত হোৱাৰ সম্ভাৱনা ব্যক্ত কৰে অতুল বৰাই।

গুৱাহাটীত এখন সংবাদমেল সম্বোধন কৰি মন্ত্ৰী অতুল বৰাই কয় যে তিনিচুকীয়া আৰু শিৱসাগৰত ইতিমধ্যে গাহৰি বিক্ৰী নিষিদ্ধ কৰা হৈছে।

তেওঁ কয়, “অসমত ২০২০ চনৰ মাৰ্চ মাহৰ পৰা ৪০ হাজাৰ গাহৰিৰ মৃত্যু হৈছে। ৭২ টা স্থান চিনাক্ত কৰা হৈছে য’ৰ পৰা আফ্ৰিকান ছোৱাইন ফিভাৰ ভাইৰাছ বিয়পিব পাৰে। পৰিস্থিতি নিৰীক্ষণৰ বাবে আমি ৪২৭টা ৰেপিড ৰেচপন্স টিম গঠন কৰিছো।’’

আনহাতে চলিত বৰ্ষত ৰাজ্যত ৯০০টা গাহৰি এই ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰাৰ বিপৰীতে ৫০০টা গাহৰি চৰকাৰৰ তৰফৰ পৰা হত্যা কৰা হৈছে বুলিও জানিবলৈ দিয়ে মন্ত্ৰী অতুল বৰাই।

তেওঁ লগতে কয় যে ৰাজ্যত গাহৰিৰ ব্যৱসায় পুনৰুজ্জীৱিত কৰাৰ বাবে চৰকাৰে বিশেষ আঁচনি গ্ৰহণ কৰিছে।

মন্ত্ৰীগৰাকীয়ে আৰু কয় যে চৰকাৰে গাহৰি পালকসকলকো ক্ষতিপূৰণ প্ৰদান কৰিব। তেওঁ কয় যে গাহৰি পালকসকলে ১৫ কিলোগ্ৰাম পৰ্যন্ত ওজনৰ গাহৰিৰ বাবে ২২০০ টকা ক্ষতিপূৰণ লাভ কৰিব।

সেইদৰে ১৫-৪০ কেজি ওজনৰ গাহৰিৰ বাবে ৫৮০০ টকা, ৪০-৭০ কেজি পৰ্যন্ত ওজনৰ গাহৰিৰ বাবে ৮৪০০ টকা, ৭০-১০০ কেজিৰ বাবে ১২০০০ টকা ১০০ কেজিতকৈ অধিক ওজনৰ গাহৰিৰ বাবে ১৫০০০ টকা ক্ষতিপূৰণ লাভ কৰিব গাহৰি পালকসকলে।

আনহাতে মন্ত্ৰীগৰাকীয়ে কয় যে এতিয়ালৈকে ধেমাজি, শোণিতপুৰ, লখিমপুৰ, বিশ্বনাথ, দৰং, ওদালগুৰি, বাক্সা, কামৰূপ, কামৰূপ মেট্ৰ’, মাজুলী, ডিব্ৰুগড়, কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং, মৰিগাঁও, গোলাঘাট, নলবাৰী, বঙাইগাঁও, গোৱালপাৰা, তিনিচুকীয়া, শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট- মুঠ ২২ খন জিলাত এই ভাইৰাছ বিয়পি পৰিছে।

উল্লেখযোগ্য যে ডিব্ৰুগড়ৰ ভোগালী পথাৰ গাঁৱৰ এটা গাহৰিৰ দেহত আফ্ৰিকান ছোৱাইন ফিভাৰ ধৰা পৰাৰ পাছতে দেওবাৰে অসমত আফ্ৰিকান ছোৱাইন ফিভাৰৰ প্ৰথমটো কেছ ধৰা পৰে। খবৰ অনুসৰি, আফ্ৰিকান ছোৱাইন ফিভাৰত আক্ৰান্ত অঞ্চলত গাহৰি নিধন প্ৰক্ৰিয়া আৰম্ভ হৈছে।