আফগানিস্তানত আতংক; ৰাজধানী কাবুলত প্ৰৱেশ তালিবানী উগ্ৰপন্থীৰ

95

আফগানিস্তানত অব্যাহত আছে তালিবানৰ সন্ত্ৰাস। শেহতীয়া তথ্য অনুসৰি, তালিবান উগ্ৰপন্থীসকলে আফগানিস্তানৰ ৰাজধানী কাবুলত প্ৰৱেশ কৰাৰ লগতে ইতিমধ্যে ৰাষ্ট্ৰখনৰ সকলো সীমা নিজৰ অধীনলৈ নিবলৈ সক্ষম হৈছে। আফগানিস্তানৰ প্ৰশাসনীয় বিষয়াই নিশ্চিত কৰা তথ্য অনুসৰি তালিবান উগ্ৰপন্থীসকলে কাবুলৰ কালাকান, কাৰাবাগ আৰু পাগমান জিলাত প্ৰৱেশ কৰি জনসাধাৰণৰ মাজত আতংকৰ সৃষ্টি কৰিবলৈ আৰম্ভ কৰিছে।

ইফালে, আফগান ৰাজধানীত মাজে মাজে গুলীবৰ্ষণৰ মাজতে তালিবানে এক বিবৃতিত কয় যে তেওঁলোকে কাবুল “বলপূৰ্বক” দখল কৰাৰ পৰিকল্পনা কৰা নাই।

দুটা দশকৰ যুঁজৰ পিছত আফগানিস্তানৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু নাটো বাহিনীসম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰাৰ আগতে তালিবানে সকলো ফালৰ পৰা দেশখন দখল কৰি আছে। উগ্ৰপন্থী দলটোৱে দেওবাৰে ৰাতিপুৱা ৰাজধানী কাবুলৰ উপকণ্ঠত প্ৰৱেশ কৰাৰ আগতে জালালাবাদ চহৰ দখল কৰে।