আফগানিস্তানত আৱদ্ধ ভাৰতীয়সকলক কাবুলৰ পৰা ঘূৰাই অনাৰ প্ৰচেষ্টা অব্যাহত আছে। তাৰ মাজতে দুশানবেৰ পৰা এয়াৰ ইণ্ডিয়াৰ এখন বিমান (এআই ১৯৫৬) মঙলবাৰে ৭৮ জন যাত্ৰীসহ দিল্লীত উপস্থিত হয়। উল্লেখ্য যে, এয়াৰ ইণ্ডিয়াই কঢ়িয়াই অনা যাত্ৰী সকলৰ মাজত ২৫ জন ভাৰতীয় নাগৰিকো আছে। তদুপৰি আফগান শিখ আৰু হিন্দু পৰিয়ালকো একেলগে ভাৰতলৈ অনা হৈছে। আনহাতে, শিখ সম্প্ৰদায়ৰ কিছুসদস্যই কাবুল গুৰুদ্বাৰাৰ পৰা পবিত্ৰ গুৰু গ্ৰন্থ চাহিবৰ তিনিটা প্ৰতিলিপি তেওঁলোকৰ সৈতে লৈ আহে। এই প্ৰতিলিপি দিল্লী বিমান বন্দৰত কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰী, বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী ভি মুৰলীধৰণ আৰু বিজেপি নেতা আৰ পি সিঙে গ্ৰহণ কৰে আৰু তেওঁলোকক মূৰ তৰাই দিল্লী বিমানবন্দৰৰ পৰা বাহিৰলৈ লৈ আহে।
ইয়াৰ পূৰ্বে, শিখ সম্প্ৰদায়ৰ এটা ভিডিঅ’ত বিমানখনৰ ভিতৰত ‘জো বোলে চো নিহাল আৰু ৱাহে গুৰুজীৰ খালচা-ৱাহে গুৰুজী কি ফতেহ’ বুলি কোৱা দেখা গৈছিল। ভিডিঅ’টো বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে শ্বেয়াৰ কৰিছিল। বাতৰি অনুসৰি, তালিবানৰ আশংকাৰ মাজতে সোমবাৰে ৭৮ জন লোকক কাবুলৰ পৰা দুশানবেলৈ স্থানান্তৰ কৰা হৈছিল আৰু আজি সকলোৱে দিল্লীত উপস্থিত হৈছে।
