আন্তঃৰাষ্ট্ৰীয় বজাৰত অসমৰ চাহপাতক অধিক আকৃষ্ট কৰাৰ লক্ষ্য কন্টেইনাৰ ডিপ’ৰ

92

আমিনগাৱত বাৰ্ষিক ৰাষ্ট্ৰীয় চাহ কৰ্মশালা সম্পন্ন

ষ্টাফৰিপৰ্টাৰ, ১৮ জুন : ভাৰতবৰ্ষৰ লগতে বিশ্বৰ বিভিন্ন দেশলৈ অসমৰ গৌৰৱ চাহপাত ৰপ্তানি কৰি দেশৰ অৰ্থনৈতিক অৱস্থা টনকিয়াল কৰাৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা লৈ অহা কামৰূপ জিলাৰ আমিনগাঁওস্হিত কন্টেনাৰ ডিপোৰ বাৰ্ষিক ৰাষ্ট্ৰীয় চাহ কৰ্মশালা খনি বৃহস্পতিবাৰে
আই চি ডিৰ মুখ্য কাৰ্যলয়ত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায় ৷ ক’ভিড-১৯ ৰ কাৰণে প্ৰথম বাৰৰ বাবে ভিডিঅ’ কনফাৰেন্সৰ যোগেদি আয়োজন কৰা বাৰ্ষিক চাহ মহোৎসৱ খনিত কলকাতা – অসমৰ সমূহ ৰপ্তানিকৃত আৰু আমদানীকৃত সংস্থাসমূহে অংশগ্ৰহণ কৰে । কন্টেইনাৰ কৰ্প’ৰেশ্বন অৱ ইণ্ডিয়াৰ দিল্লী স্থিত মুখ্য কাৰ্যালয়ৰ সঞ্চালক প্ৰধান ভি. কল্যাণ ৰামাই মহোৎসৱত অংশ লৈ অসমৰ চাহাপাত বহি:ৰাষ্ট্ৰলৈ ৰপ্তানি কৰাৰ ক্ষেত্ৰত আমিনগাৱৰ আই চি ডিক সকলো প্ৰকাৰে সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে । অনুষ্ঠানত কলকতাস্থিত আঞ্চলিক কাৰ্য্যালয়ৰ মুখ্য প্ৰবন্ধক এছ. এ. ৰহমানৰ লগতে প্ৰায় ৪০ জন বিশিষ্ট চাহপাত ৰপ্তানিকাৰ আৰু আমদানিকাৰে এই ভিডিঅ’ কনফাৰেন্সত অংশ লয় । তদুপৰি মহোৎসৱত ভাৰতীয় চাহ উদ্যোগ সমিতিৰ মুখ্য সম্পাদকে অংশ লৈ ৰপ্তানি আৰু আমদানিকাৰীসকলৰ বিভিন্ন সমস্যাৰ বিষয়ে আলোচনা কৰে৷ অনুষ্ঠানত অসমৰ চাহ উৎপাদনৰ অন্যতম অংশীদাৰ হিচাপে পৰিগণিত মেক লিয়দ ৰাছেল ইন্ডিয়া প্ৰাভেট লিমিটেডৰ উচ্চ বিষয়া,
টেকনোটিভ ইষ্টাৰ্ণ প্ৰায়ভেট লিমিটেডৰ মুৰব্বী
আৰু কলিকতাস্থিত চিপিং লাইনৰ সমূহৰ ভিতৰত অন্যতম চিপিং লাইন মাৰ্ক্স লিমিটেডৰ বহুকেইজন বিষয়া উপস্থিত থাকে৷ ইফালে ,কৰ্মশালা খনিত শুল্ক বিভাগৰ উপ আয়ুক্তয়েও অংশগ্ৰহণ কৰে ।