আধ্যাত্মিকৰে সামৰণি পৰিল ব’ ল বমৰ কাৰ্য্যসূচী ।
সমগ্ৰ ৰাজ্যতে মহাদেৱ ভক্ত সকলে শাওন মাহতো ব্ৰত পালন কৰি ব’ল বম কাৰ্য্যসূচী পালন কৰে । মহাদেৱ শিৱই যাতে সকলোৰে মংগল কৰে তাৰেই কামনাৰে ভক্তসকলে বাবাৰ ওচৰত প্ৰাৰ্থনা জনায় , তাৰ ব্যতিক্ৰম নহয় ধিঙৰ ব’ল বমৰ বাবা সমাজ । ধিঙৰ এই বাবা সমাজে বহুবছৰ ধৰি আধ্যাত্মিকতাৰে পালন কৰি আহিছে শাওন মাহৰ ব’ল বমৰ কাৰ্য্যসূচী । এইবছৰো তেওঁলোকে শাওন মাহটো মহাদেৱক ব’ল বমৰ মাধ্যমেৰে আৰাধনা কৰাৰ অন্তত যোৱা ২৮ আগষ্টত এক আধ্যাত্মিক পৰিবেশৰ মাজেৰে সামৰণি মাৰে । নাম কীৰ্তন কৰি ,ভকত বৈষ্ণবক নিৰামিস আহাৰ খোৱাই সকলোৰে মংগল কামনা কৰি আৰ্শীবাদ লয় মহাদেৱৰ শ্ৰীচৰণত । ধিঙৰ বাবা সমাজৰ এনে আধ্যাত্মিক চেতনাক আৰু অধিক আগুৱাই নিয়ক ভগবান মহাদেৱে তাৰেই প্ৰাৰ্থনা ধিং বাসী ৰাইজৰ ।
