আঞ্চলিকতাবাদী শক্তিক ধ্বংস কৰাটোৱে বিজেপিৰ মূল লক্ষ্য–নৱ শৰণীয়া ।
বাক্সাৰ পলাশগুৰীত নৱ শৰণীয়াৰ বিস্ফোৰণ ।
সাংসদ হোৱাৰ বাবে কেতিয়াও বিজেপি অথবা নাগপুৰীয়াৰ ওচৰত আঠু নলয় নৱ শৰণীয়াই ।
সাংসদ হোৱাৰ বাবে কেতিয়াও নাগপুৰীয়া অথবা বিজেপিৰ ওচৰত আঠু নলয় নৱ শৰণীয়াই ৷ বিটিচিৰ ৰাইজক লৈ নিৰ্বাচন খেলাৰ কেপাচিটি আছে সাংসদ নৱ কুমাৰ শৰণীয়াৰ ৷ সম্প্ৰতি বিটিচিৰ একমাত্ৰ কোকৰাঝাৰ লোকসভা সমষ্টিটোক লৈ ৰাজনৈতিক মহলত চলিছে ব্যাপক চৰ্চা ৷ আগন্তুক ২০২৪ চনত কাৰ দখললৈ যাব কোকৰাঝাৰ ? তাৰ মাজতে আজি বৰ্তমানৰ সাংসদ নৱ কুমাৰ শৰণীয়াই এই সন্দৰ্ভত প্ৰদান কৰিছে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য ৷ বাক্সা জিলাৰ পলাশগুৰিত উপস্থিত হৈ সাংসদ নৱ কুমাৰ শৰণীয়াই বিজেপি দলক তীব্ৰ ভাষাৰে সমালোচনা কৰি কয় যে কোকৰাঝাৰত নিৰ্বাচন খেলিবলৈ তেওঁক কাৰো সহায়ৰ প্ৰয়োজন নাই ৷ ইয়াৰ বাবে বিজেপিৰ সহায় লবলগীয়া নাই ৷ নৱ কুমাৰ শৰণীয়াই বিটিচিৰ ৰাইজক লৈ নিৰ্বাচন খেলাৰ সম্পূৰ্ণ কেপাচিটি আছে ৷ তেওঁ কয় যে কোকৰাঝাৰত নৱ কুমাৰ শৰণীয়াৰ বাহিৰে কোনোৱে জিকিব নোৱাৰে ৷ আনহাতে ২০২৫ চনত বিজেপিয়ে বিটিচি দখল কৰিব বুলি দলটোৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই কৰা মন্তব্য সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য কৰে সাংসদ শৰণীয়াই ৷ তেওঁ কয় যে, আঞ্চলিকতাবাদী শক্তিক ধ্বংস কৰাটোৱে বিজেপিৰ মুল লক্ষ্য ৷ তেনেক্ষেত্ৰত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই সচাঁ কথাই প্ৰকাশ কৰিছে ৷ বিটিচিত পৰিষদ পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি ৷ ইয়াৰ মাজতে সাংসদ শৰণীয়াই সমগ্ৰ দেশৰ ক্ষুদ্ৰ ক্ষুদ্ৰ আঞ্চলিকতাবাদী দল সমূহক একত্ৰিত কৰি বিজেপিৰ বিৰুদ্ধে আগন্তুক লোকসভা নিৰ্বাচনত ঐক্যবদ্ধভাৱে যুঁজ দিয়াৰ কথাও আজি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ৷
